ডিজিটেল ডেস্ক : এইবাৰৰ বিশ্বকাপত দুখন ক্ষুদ্র দেশে সকলোৰে দৃষ্টি আকর্ষণ কৰে। এই দেশ দুখনৰ এখন আছিল মাত্ৰ ডেৰলাখ জনসংখ্যাৰ কুৰাচাও আৰু আনখন হ'ল প্রায় ৫.৩ লাখ জনসংখ্যাৰ কেপ ভার্ডে। কুৰাচাওৱে ইতিমধ্যে প্রতিযোগিতাৰ পৰা বিদায় লৈছে।
কিন্তু শুকুৰবাৰে আনখন ক্ষুদ্র দেশ কেপ ভার্ডেই বৰ্তমানৰ বিশ্ব চেম্পিয়ন আর্জেন্টিনাক যি ধৰেণেৰে প্রত্যাহ্বান জনালে সি সমগ্র বিশ্বৰ কোটি কোটি ফুটবল প্ৰেমীৰ অন্তৰ জয় কৰিলে। শুকুৰবাৰৰ মেচখনত আর্জেন্টিনা ৩-২ ব্যৱধানত জয়ী হ'লেও লায়নেল মেছিৰ দলটোৰ বাবে এই মেচখনত জয়ী হোৱাটো যথেষ্ট কঠিন আছিল। বিশ্ব চেম্পিয়ন দলটোক কেপ ভার্ডেই অতিৰিক্ত সময়লৈকে তীব্র প্রত্যাহ্বান জনাই গ'ল আৰু শেষলৈকে মেচখনত শ্বাসৰুদ্ধকৰ হৈয়ে থাকে।
উল্লেখযোগ্য যে কেপ ভার্ডে (চৰকাৰীভাৱে দেশখনৰ নাম কাবো ভার্ডে গণৰাজ্য) পশ্চিম আফ্রিকা উপকূলৰ পৰা ৬০০-৮০০ কিল মিটাৰ দূৰৰ মধ্য আটলান্টিক মহাসাগৰত স্থিত কেইবাটাও দ্বীপক লৈ গঠিত এখন সৰু দেশ। এই দেশখন ১০টা জ্বালামুখী দ্বীপক লৈ গঠিত আৰু মুঠ মাটিকালি হ'ল প্রায় ৪,০৩৩ বর্গ কিল মিটাৰ। কেপ ভাৰ্ডেৰ জনসংখ্যা ভাৰতৰ মজলীয়া আকাৰৰ মহানগৰ এখনৰ সমান।
১৯৭৫ চনত স্বাধীনতা লাভ কৰা এই দেশখন প্রাকৃতিক সম্পদত চহকী নহয় যদিও ৰাজনৈতিকভাৱে সুস্থিৰ গণতান্ত্রিক দেশৰূপে গণ্য কৰা হয়। এই দেশখনৰ অৰ্থনীতি মূলতঃ পর্যটন, সেৱা আৰু বিদেশী বিনিয়োগৰ ওপৰত নিৰ্ভৰশীল। কেপ ভার্ডেই প্ৰথমবাৰলৈ এইবাৰৰ বিশ্বকাপত খেলে আৰু নিজৰ প্ৰদৰ্শনৰ জৰিয়তে বিশ্বত জিলিকি উঠে। গ্রুপ পর্যায়ত স্পেইন, উৰুগুৱে আৰু ছৌডি আৰবৰ দৰে দলৰ বিৰুদ্ধে ড্র খেলি ৰাউণ্ড অব্ ৩২ত স্থান উলিয়াই লয়। বিশ্বকাপৰ ইতিহাসত নকআউট পর্যায়ত উপনীত হোৱা কেপ ভার্ডে জনসংখ্যাৰ দিশৰ পৰা প্ৰথমখন আটাইতকৈ ক্ষুদ্র দেশ।
বিশ্বকাপৰ মূল ৰাউণ্ডত খেলাৰ বাবে প্ৰথমবাৰ যোগ্যতা অৰ্জন কৰিয়েই নকআউট পর্যায়ত উপনীত হৈ কেপ ভার্ডেই বিশ্বৰ ফুটবলৰ মানচিত্ৰত নিজৰ শক্তিশালী উপস্থিতিৰ প্ৰমাণ দিলে। মন কৰিবলগীয়া যে এই নৱাগত ক্ষুদ্ৰ দেশখনৰ খেলুৱৈসকলে শুকুৰবাৰে এনে ধৰণৰ খেল প্ৰদৰ্শন কৰিলে যে বিশ্বৰ প্ৰথম স্থানৰ দলটোৱে বিশেষকৈ বর্তমান বিশ্বৰ অনতম সর্বশ্রেষ্ঠ খেলুৱৈ লায়নেল মেছিৰ উপস্থিতিত জয়ৰ মুখ দেখিবলৈ অতিৰিক্ত সময়লৈ অপেক্ষা কৰিবলগীয়া হ'ল। কেৱল সেয়ে নহয় শুকুৰবাৰৰ এই মেচখনত বিশ্বকাপৰ সৰ্ববৃহৎ অঘটনৰ পৰা যোৱাবাৰৰ চেম্পিয়ন দলটো কথমপিহে ৰক্ষা পৰে। কেপ ভার্ডেই বিশ্বকাপত এখনো মেচত জয়ী হ'ব নোৱাৰিলে যদিও দলটোৰ খেলুৱৈসকলৰ সাহস আৰু কৌশলে এক নতুন মাত্রা দিলে। বিশ্বৰ কোটি কোটি ফুটবল প্রেমীয়ে এই দলটোক ইয়াৰ বাবে ভূয়সী প্রশংসা কৰিছে। বিশ্বৰ ফুটবল প্রেমীসকলে দলটোৰ ৪০ বছৰীয়া গ'লকীপাৰ ভজিনহাকো দীর্ঘদিনলৈ মনত ৰাখিব। ভজিনহাই শুকুৰবাৰৰ মেচখনত কমেও ১০টা আক্ৰমণৰ পৰা দলক ৰক্ষা কৰে। অন্তিম মুহূতত কেপ ভার্ডেৰ ডিনো বাৰ্গেছৰ আত্মঘাতী গ'লটোৱেহে আর্জেন্টিনাৰ সন্মান বচালে বুলি ক'ব পাৰি। আর্জেন্টিনাৰ হাতত ৩-২ গ'লৰ ব্যৱধানত পৰাজিত হোৱাৰ লগে লগে কেপ ভার্ডেই এইবাৰৰ বিশ্বকাপত অভিযানৰ অন্ত পৰিলেও দলটোৱে ফুটবলৰ ইতিহাসত নিজৰ নাম সোণোৱালী আখৰেৰে লিপিবদ্ধ কৰিলে। মেচখনৰ পাছত ভজিনহাই কয়, 'বিশ্বত আমি ৰাষ্ট্ৰীয় দল ৰূপে সন্মান লাভ কৰিলোঁ। আমি আর্জেন্টিনাক সমানে প্রত্যাহ্বান জনালোঁ।'
উল্লেখযোগ্য যে বিশ্বত নিজৰ প্রথমখন মেচতে কেপ ভার্ডেই ইউৰোপৰ অন্যতম শক্তিশালী দল স্পেইনৰ বিৰুদ্ধে গ'লশূন্যভাৱে ড্র খেলি চাঞ্চল্যৰ সৃষ্টি কৰে। এই মেচখন গ'লশূন্যভাৱে ড্র হৈছিল ভজিনহোৰ বাবেই। কেপ ভার্ডেৰ ডিফেণ্ডাৰ পিকো লোপেজে কয়, তেওঁ এজন উচ্চমানৰ গ'লকীপাৰ। ইয়াৰ আগতে তেওঁ নিজৰ প্ৰাপ্য সম্মান পোৱা নাছিল। কেপ ভার্ডেৰ ফুটবলত তেওঁ এজন কিংবদন্তি।' ভজিনহোৱে শুকুৰবাৰৰ মেচখনৰ অন্তিম ৬০ মিনিটত মেছিৰ চাৰিটা আক্ৰমণৰ পৰা দলক ৰক্ষা কৰিছিল।