বানাক্ৰান্তলৈ এধানি সহায়ৰ হাত প্ৰাগ-জনমভূমিৰ, ১০ হাজাৰ লোকক সাহায্য দিবলৈ উজনিলৈ যাত্রা

dainik janambhumi July 26, 2026

ডিজিটেল ডেস্ক : জলপ্রলয় কিছু শাম কাটিছে যদিও উজনি অসমৰ বহু অঞ্চলৰ বানাক্ৰান্তৰ দুৰ্দশা অধিক ভয়াৱহ হৈ পৰিছে। হঠাৎ অহা বলিয়া বানে বহু পৰিয়ালৰ আপোন ঘৰ, ভৰপূৰ ভঁৰাল আৰু কৃষিভূমি তচনচ কৰি থৈ গৈছে। পলসত পোত গ'ল বহু লোকৰ ঘৰ-বাৰী। পানী কমাৰ পাছতো বহু ঘৰৰ ভিতৰত একাঁঠু পর্যন্ত পলস জমা হৈ আছে। ভঁৰালৰ ধানত গজালি মেলিছে। এমুঠি অন্ন আৰু এটুপি খোৱাপানীৰ অভাৱত ৰাইজে হাহাকাৰ কৰিছে। বহু ঠাইত ৰোগী আৰু বৃদ্ধ লোক এতিয়াও আবদ্ধ হৈ আছে। গৰু-ছাগলীৰ সৈতে একেলগে বসবাস কৰিবলগীয়া হৈছেবানপীড়িত পৰিয়াল। 

বান-বিধ্বস্ত লোকসকলৰ এনে দুৰ্যোগৰ সময়ত বিভিন্নজনে সহায়ৰ হাত আগবঢ়োৱাৰ সমানুপাতিকভাৱে এনে বিপদৰ সময়ত প্ৰাগ নিউজ, দৈনিক জনমভূমি, ৰেঙনি, এন ই নিউজে শিৱসাগৰ, চৰাইদেউ, যোৰহাটলৈ বান সাহায্যৰ বাহন প্ৰেৰণ কৰিছে। প্ৰাগ নিউজৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণৰ নেতৃত্বত এটা দলে ২৫০খন গাঁৱৰ লোকৰ বাবে পানী, খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে। প্রথম পৰ্যায়ত কেইবাখনো বাহনৰ জৰিয়তে বানবিধ্বস্ত প্রায় ১০,০০০ৰো অধিক পৰিয়ালক সহায় কৰাৰ লগতে পৰৱৰ্তী সময়ত প্রায় ২ লাখ লোকক খাদ্যসামগ্রী যোগান ধৰাৰ লক্ষ্য লৈছে। 

এই সন্দৰ্ভত প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে কয়,'আমি যোৱা কেইবাবছৰো ধৰি বান সাহায্য দি আহিছোঁ। এয়া আমাৰ সামান্য সাহায্য। আমি লক্ষ্য স্থিৰ কৰিছোঁ ২৫০খন গাঁও আৰু প্ৰথম পর্যায়ত ১০,০০০ মানুহ। যিসকলে আমাক সহযোগ কৰিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।' আনহাতে, এইবাৰ উজনিত বানে চলোৱা সংহাৰে আমাক ব্যথিত কৰা বুলি উল্লেখ কৰি তেওঁ এই সকলোবোৰ পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিবলৈ বহুত সময় লাগিব বুলিও দুখ প্রকাশ কৰে। উল্লেখযোগ্য যে প্রাগ- জনমভূমিয়ে 'মানুহে মানুহৰ বাবে' নামেৰে এই অভিযান আৰম্ভ কৰিছে।

Share This