সংকটত অধিনায়ক মেণ্ডেজ, আর্জেন্টিনাৰ বিৰুদ্ধে মেচৰ আগতে কেপ ভার্দেৰ বিপৰ্যয়

dainik janambhumi June 30, 2026

ডিজিটেল ডেস্ক : ফিফা বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত সুন্দৰ প্ৰদৰ্শনেৰে ৰাউণ্ড অব্ ১৬-ত উপনীত হোৱা ক্ষুদ্র দেশ কেপ ভার্দে এক সংকটৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে কেপ ভার্দেই গ্রুপ পৰ্যায়ৰ এখনো মেচতপৰাজিত নোেহাৱাকৈ নকআউট পর্যায়ত উপনীত হয়। নকআউট পর্যায়ত অহা ৪ জুলাইত দলটো যোৱাবাৰৰ চেম্পিয়ন আর্জেন্টিনাৰ সন্মুখীন হ'ব। এই মেছখনৰ আগে আগে দলটোৰ অধিনায়ক তথা তাৰকা খেলুৱৈ ৰেয়ান মেণ্ডেজৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উঠিছে। গ্রুপ পর্যায়ত দলটোৱে খেলা তিনিখনত মেচতে মেণ্ডেজে দলৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এতিয়া তেওঁৰ বিৰুদ্ধে এগৰাকী মহিলাক শাৰীৰিক আৰু যৌন উৎপীড়ন কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। 

ব্রাজিলৰ বাতৰি প্ৰতিষ্ঠান গ্ল'ব'ই প্রকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে চলিত মাহৰ মাৰ্চত কেপ ভার্দেৰ ফুটবল দলটো নিউজিলেণ্ড ভ্রমণলৈ গৈছিল ফিফা শৃংখলাত খেলাৰ বাবে। সেই সময়ত ব্রাজিলৰ এগৰাকী মহিলা দলটোৰ লগত অনুবাদকৰূপে গৈছিল। ব্রাজিলৰ এই মহিলাগৰাকীয়ে কৰা অভিযোগ মতে, তেওঁ থকা অকলেণ্ডৰ এখন হোটেলৰ কোঠাত মেণ্ডেজে বলপূর্বক প্ৰৱেশ কৰে আৰু তেওঁক শাৰীৰিক আৰু যৌন উৎপীড়ন কৰিছিল। তেওঁ এই সম্পৰ্কত অকলেণ্ডৰ আৰক্ষীক অভিযোগ দাখিল কৰে। মহিলাগৰাকীক কৰা পৰীক্ষাৰ সময়ত তেওঁৰ শৰীৰৰ কেইবা ঠাইতো আঘাতৰ চিন পোৱা গৈছিল। মহিলাগৰাকীৰ মতে, তেওঁ এই অভিযোগ কেপ ভার্দেৰ টীম মেনেজমেন্টকো দিছিল, কিন্তু দলটোৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। নিউজিলেণ্ডৰ আৰক্ষীয়ে এই অভিযোগৰ তদন্ত কৰি আছে আৰু এতিয়ালৈকে মেণ্ডেজৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে এই অভিযোগৰ সত্যতা প্রমাণিত হোৱা নাই। 

ইফালে, ফিফায়ো এই অভিযোগৰ সম্পৰ্কত প্রতিক্রিয়া প্রকাশ কৰিছে। ফিফাই কয়, 'আমি যিকোনো অসৎ আচৰণক গুৰুত্বসহকাৰে লওঁ। এই বিষয়টোৰ সম্পর্কত নিউজিলেণ্ডৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে যোগাযোগ কৰি থকা হৈছে। যিহেতু এতিয়া তদন্ত চলি আছে, সেয়েহে এই প্রসংগত অধিক মন্তব্য দিব নোৱাৰি।'

Share This