অধিনায়ক ৰিয়ানৰ সাহসে নির্ভীক কৰিছে দলক: শ্বেন বণ্ড

dainik janambhumi April 10, 2026

ডিজিটেল ডেস্ক : 'যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলোঁ সেয়া প্রথম তিনিখন মেচত আমাৰ দলে এশ শতাংশই খেলপথাৰত সফল কৰিবলৈ সক্ষম হৈছে। স্বাভাৱিকতে এয়া দলৰ বাবে প্রত্যয়জনক আৰম্ভণি, যিয়ে প্রতিজন যুৱ খেলুৱৈক মানসিক ৰূপত শক্তিশালী কৰি তুলিছে।' এই মন্তব্য ৰাজস্থান ৰয়েলছৰ পেচ বলিং প্রশিক্ষক শ্বেন বণ্ডৰ। 

চলিত ১৯ সংখ্যক ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল-২০২৬)ৰ গুৱাহাটীত অনুষ্ঠিত তিনিখন মেচৰ আজি অন্তিমখন খেলত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে মুখামুখি হ'ব। চমকপ্রদ প্রদর্শনেৰে জয়ৰ হেটত্রিক অৰ্জন কৰি ছিজনৰ প্ৰত্যাশিত আৰম্ভণি কৰা ৰিয়ানৰ দল আৰ আৰে আজি ডিফেণ্ডিং চেম্পিয়ন আৰ চি বিৰ বিৰুদ্ধেও আত্মবিশ্বাসেৰে এ চি এ ষ্টেডিয়ামত নামিব। কালি সংবাদমেলত অংশ লৈ নিউজিলেণ্ডৰ প্ৰাক্তন পেচাৰগৰাকীয়ে দলৰ নৱাগত পেচাৰৰ নিখুঁত বলিঙকো উচ্চ প্রশংসা কৰে। বিশেষকৈ গুজৰাটৰ বিৰুদ্ধে তুষাৰ দেশপাণ্ডেৰ প্ৰদৰ্শনক অনন্য বুলি কোৱা বণ্ডে আৰ্চাৰ, বাৰ্গাৰ আৰু সন্দীপৰ ধাৰাবাহিক প্রদর্শনো চমকপ্রদ বুলি কয়।

 ইফালে, যুৱ দলৰ নির্ভীক প্রদর্শন সন্দৰ্ভৰ প্ৰশ্নৰ উত্তৰ দি বণ্ডে কয় 'এয়া অধিনায়ক ৰিয়ান পৰাগৰ সাহস। তেওঁ দলটোক অতি সুন্দৰকৈ খেলপথাৰত পৰিচালনা কৰিবলৈ সক্ষম হৈছে। যুৱ অধিনায়কৰ দৃঢ়তাই দলক নির্ভীক ৰূপত খেলিবলৈ অনুপ্রাণিত কৰিছে।

Share This