গৌতম আদানিৰ বিৰুদ্ধে মার্কিন আদালতত চলি থকা গোচৰ বন্ধ

dainik janambhumi May 19, 2026

ডিজিটেল ডেস্ক : আমেৰিকাৰ ন্যায় বিভাগে ভাৰতৰ উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে সকলো অপৰাধমূলক অভিযোগ স্থায়ীভাৱে প্রত্যাহাৰ কৰে। ইয়াৰ লগে লগে নিউয়র্কত চলি থকা ছিকিউৰিটি আৰু প্ৰৱঞ্চনাৰ অভিযোগত তৰা গোচৰ স্থায়ীভাৱে বন্ধ হয়। নিউয়কৰ আদালতত দাখিল কৰা আৱেদনত গোচৰীয়া পক্ষই কয় যে তেওঁলোক এই অভিযোগৰ সত্যতা প্রমাণ কৰিব পৰা অৱস্থাত নাই আৰু সেয়েহে চূড়ান্তভাবে আদানিৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ পাছত আদালতে আদানি আৰু তেওঁৰ ভতিজাকৰ বিৰুদ্ধে দাখিল কৰা অভিযোগসমূহ স্থায়ীভাৱে খাৰিজ কৰে। 

আদানিৰ বিৰুদ্ধে এই গোচৰটো ২০২৪ চনৰ শেষৰফালে ৰুজু কৰা হৈছিল। ইয়াত এই বুলি অভিযোগ কৰা হৈছিল যে আদানি গ্রুপে ভাৰতত সৌৰশক্তিৰ প্ৰকল্পৰ লগত জড়িত ঠিকা লাভৰ বাবে তথাকথিত ২৬.৫ কোটি ডলাৰৰ উৎকোচ দিয়াৰ চক্রান্ত কৰিছিল আৰু আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা তথ্য লুকুৱাইছিল। অৱশ্যে আদানি গ্রুপে এই অভিযোগ অগ্রাহ্য কৰি আহিছিল। উল্লেখযোগ্য যে বিগত কেইটামান দিনত আদানি গ্ৰুপৰ সৈতে জড়িত কেইবাটাও গোচৰৰ নিষ্পত্তি কৰা হয়। আমেৰিকাৰ ছিকিউৰিটিজ এন্ড এক্সচেঞ্জ কমিশ্যনে বিনিয়োগকাৰীয়ে দিয়া তথ্যৰ সৈতে জড়িত দেৱানী অভিযোগৰ ক্ষেত্ৰত বুজাপৰা কৰা হয়। ইয়াৰ অধীনত গৌতম আদানিয়ে ৬০ লাখ ডলাৰ আৰু সাগৰ আদানিয়ে ১.২ কোটি ডলাৰ আমেৰিকাক দিয়াৰ প্রতিশ্রুতি দিয়ে। ইফালে আদানি এণ্টাৰপ্ৰাইজেছে ইৰানৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা উলংঘা কৰাৰ অভিযোগৰো আমেৰিকাৰ চৰকাৰৰ সৈতে বুজাপৰা কৰে। 

আমেৰিকাৰ চৰকাৰে প্ৰকাশ কৰা মতে, আদানি গ্ৰুপৰ কোম্পানীটোৱে ইৰানৰ বিৰুদ্ধে আৰোপ কৰা নিষেধাজ্ঞা উলংঘাৰ অভিযোগ নিষ্পত্তি কৰাৰ বাবে ২৭.৫ কোটি ডলাৰৰ ক্ষতিপূৰণ দিয়াত সন্মতি জনায়। আমেৰিকাৰ বিত্ত বিভাগৰ অভিযোগ মতে, আদানি এণ্টাৰপ্ৰাইজেছে ডুবাইস্থিত এজন ব্যৱসায়ীৰ পৰা এল পি জি ক্রয় কৰিছিল। এই এল পি জি ওমান আৰু ইৰাকৰ পৰা যোগান ধৰা বুলি ক'লেও আমেৰিকাৰ বিত্ত বিভাগৰ মতে ইয়াৰ মূল উৎস আছিল ইৰান।

Share This