৭ লাখ টকা উৎকোচ লৈ চি বি আইৰ জালত অইলৰ ডি জি এম প্ৰয়াস চক্ৰৱৰ্তী 

dainik janambhumi May 06, 2025

ডিজিটেল ডেস্ক : অইল ইণ্ডিয়া লিমিটেডৰ দৰে মহাৰত্ন প্রতিষ্ঠানৰ শীৰ্ষ পদবীত অধিষ্ঠিত হৈয়ো উৎকোচ লৈ এজন উপ-মহাপ্রবন্ধক চি বি আইৰ জালত পৰাৰ ঘটনাই তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, অইলৰ সামগ্ৰী বিভাগৰ মুখ্য প্রবন্ধক তথা কোম্পানীটোৰ উপ-মহাপ্রবন্ধক প্রয়াস চক্রৱর্তী সম্প্রতি চি বি আইৰ দ্বাৰা দেওবাৰে নয়দাত গ্রেপ্তাৰ হোৱা বুলি জানিব পৰা গৈছে। বদলিৰ সূত্রে প্রায় দুমাহ পূর্বে ধৃত চক্রৱর্তীয়ে দুলীয়াজানস্থিত অইলৰ সামগ্ৰী বিভাগৰ মুখ্য প্রবন্ধকৰ পদত যোগদান কৰিছিল। 

এক সূত্ৰৰ পৰা জানিব পৰা মতে, মেছাৰ্ছ ইউনাইটেড ড্রিলিং টু লিমিটেড নামৰ যোগানকাৰী
প্রতিষ্ঠানটোক সামগ্রী যোগানৰ ঠিকা প্ৰদান কৰাৰ নামত উপ-মহাপ্রবন্ধক চক্রৱতীয়ে সাত লাখ টকাৰ কমিছন দাবী কৰিছিল। আনহাতে সামগ্রী ঠিকা লাভ কৰা প্রতিষ্ঠানটোৰ পৰা সাত লাখ টকাৰ ভিতৰতে সোণৰ মুদ্রাও দাবী কৰিছিল বুলি সূত্রটোত প্রকাশ। সেই মর্মে যোগানকাৰী প্রতিষ্ঠানটোৱে নয়দাৰ এখন জুৱেলাৰী বিপণীৰ পৰা উপ-মহাপ্রবন্ধক প্রয়াস চক্রৱর্তীক ৩,৭৩,৫৫০ টকা মূল্যৰ সোণৰ মুদ্রাসহ নগদ তিনি লাখ চৌত্রিশ হাজাৰ টকা প্ৰদান কৰি ওলাই অহাৰ সময়তে চি বি আইৰ জালত পৰে। চি বি আইৰ দলটোৱে মেছাৰ্ছ ইউনাইটেড ড্রিলিং টুল্ল্ফ লিমিটেডৰ উপ-মহাপ্রবন্ধক জ্যোতি কুমাৰ সিং, পৰিচালন সঞ্চালক কুনাল গুপ্তাসহ আৰু এগৰাকী উক্ত কোম্পানীৰ লোককো গ্ৰেপ্তাৰ কৰে। 

ইফালে উপ-মহাপ্রবন্ধকজনক গ্ৰেপ্তাৰৰ পাছতে দেওবাৰে নিশাই বিষয়াজনৰ দুলীয়াজানৰ ষ্টুডিঅ' এপার্টমেন্টত থকা বাসগৃহতো চি বি আইৰ এটা দলে তালাচী চলোৱাৰ লগতে আজি কাৰ্যালয়ৰ পৰা বহুকেইটা ফাইল জব্দ কৰি নিয়ে। অৱশ্যে এই অভিযানৰ সময়ত কি কি জব্দ কৰিছে তাৰ কোনো তথ্য পোহৰলৈ অহা নাই। ইফালে গ্ৰেপ্তাৰ হোৱা মহাপ্রবন্ধক প্রয়াস চক্ৰৱৰ্তীক চি বি আইৰ গাজিয়াবাদৰ বিশেষ আদালতত সোমবাৰে হাজিৰ কৰোঁৱা বুলি জানিব পৰা গৈছে। এই ঘটনাত উদ্যোগ প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ লগতে যোগানকাৰী প্রতিষ্ঠানটোৰ বহুকেইজন বিষয়াক তদন্তৰ আওতালৈ অনাৰ পূৰ্ণ সম্ভাৱনা আছে। ইফালে উপ-মহাপ্রবন্ধকজন উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱাৰ বাতৰি দুলীয়াজানত বিয়পি পৰাৰ লগে লগে উদ্যোগ প্রতিষ্ঠানটোৰ ভিতৰে-বাহিৰে প্ৰয়াস চক্ৰৱৰ্তীৰ নাম চৰ্চাৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে। আনহাতে, চি বি আইৰ দলে অভিযুক্তৰ দিল্লী, নয়ডা আৰু তিনিচুকীয়াত থকা বাসগৃহ আৰু কাৰ্যালয়তো তালাচী চলাই কৰা সোণৰ অলংকাৰ, নগদ ধন, ম'বাইল ফোন আৰু গুৰুত্বপূর্ণ কাগজ-পত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে।

Share This