প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগ্ৰহ...এইবাৰ মুছলমান মহিলাৰ সৈতে এন ডি এৰ সাংসদে পালন কৰিব ৰাখীবন্ধন

Jyoti Borah August 02, 2023

ডিজিটেল ডেস্কঃ দেশত ধৰ্মীয় মেৰু বিভাজন শক্তিশালী হৈ উঠাৰ সময়তে মুছলমান মহিলাৰ হূদয় জয় কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে  ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) সাংসদসকলক মুছলমান মহিলাসকলৰ ওচৰলৈ যাবলৈ কৈছে, বিশেষকৈ ৰক্ষা বন্ধন উৎসৱৰ সময়ত এনডিএৰ সাংসদসকলক মুছলমান মহিলাৰ সৈতে ৰক্ষা বন্ধন উদযাপন কৰিবলৈ মোদীয়ে সাংসদসকলক পৰামৰ্শ দিছে।  এয়া হ’ব  তিনি তালাকৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ তেওঁৰ চৰকাৰৰ সিদ্ধান্তৰ সৈতে সম্পৰ্কিত এক প্ৰচাৰ। যি সিদ্ধান্তই  মুছলমান মহিলাসকলৰ মাজত নিৰাপত্তাৰ ভাব  জাগ্ৰত কৰিছে। মোদীয়ে  ওড়িশা, পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ এন ডি এ সাংসদসকলৰ এখন বৈঠকত এই মন্তব্য কৰে । ২০২৪ চনৰ লোকসভাৰ প্ৰাকমুহূৰ্তত মিত্ৰজোঁটৰ মাজত সমন্বয় বৃদ্ধিৰ লক্ষ্যৰে এনডিৰ  বৈঠক  অনুষ্ঠিত কৰা হৈছে। এনডিএত  এতিয়া ৩৮ টা দল অন্তৰ্ভুক্ত হৈছে।  প্ৰধানমন্ত্ৰী মোদীয়ে  সমাজৰ সকলো শ্ৰেণীৰ সৈতে সংযোগ স্থাপনৰ প্ৰয়োজনীয়তা আছে বুলি কোৱাৰ বিষয়ে উল্লেখ কৰে বৈঠকত উপস্থিত থকা এজন সাংসদে। যোৱা সপ্তাহত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ (এএমইউ) প্ৰাক্তন উপাচাৰ্য তাৰিক মনচুৰক বিজেপিৰ  ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।  মোদীয়ে বিজেপি নেতাসকলক আগন্তুক ৰাখী বন্ধন উৎসৱৰ সময়ত মুছলমান মহিলাসকলৰ  ওচৰলৈ গৈ ভগ্নীক সাক্ষাৎ কৰিবলৈ কৈছে৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূবে বিজেপিয়ে মুছলমান লোকসকলৰ হূদয় জয় কৰিবলৈ নানা ধৰণে চেষ্টা চলোৱা বুলিও বিভিন্ন জনে আলোচনা কৰিছে।

Share This