২০২৭ৰ ১ মাৰ্চৰ পৰা দেশত হ'ব লোকপিয়ল

dainik janambhumi June 05, 2025

ডিজিটেল ডেস্ক : দেশত ২০২৭ চনৰ ১ মাৰ্চৰ পৰা লোকপিয়ল আৰম্ভ হ'ব। অৱশ্যে, পাহাৰীয়া ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চল অর্থাৎ হিমাচল প্রদেশ, উত্তৰাখণ্ড, জম্মু আৰু কাশ্মীৰ তথা লাডাখত অহা বছৰ অক্টোবৰৰ পৰা লোকপিয়ল আৰম্ভ হ'ব। বাকী ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহ ২০২৭ চনৰ ১ মাৰ্চৰ পৰা লোকপিয়ল আৰম্ভ হ'ব। লোকপিয়লত জাতি বিষয়ক এটা স্তম্ভ (কলম)ও থাকিব। এন ডি টিভিয়ে সূত্রসমূহৰ উদ্ধৃতি দি কয় যে চৰকাৰে এইবাৰৰ লোকপিয়ল দুটা পর্যায়ত কৰাব। লোকপিয়ল কর্মচাৰীয়ে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব আৰু ভিতৰত জাতিৰ তথ্যও থাকিব। চৰকাৰৰ এই পদক্ষেপে জাতি ভিত্তিক তথ্য সংগ্রহ আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ প্ৰকৃত অৱস্থাৰ বিষয়ে জনাত সহায় কৰিব। 

উল্লেখযোগ্য যে পাহাৰীয়া ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলক বাদ দি দেশৰ আন ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলবোৰত ২০২৭ চনৰ ১ মাৰ্চৰ নিশা ১২ বজাৰ পৰা পিয়ল আৰম্ভ কৰা হ'ব। উল্লেখযোগ্য যে চৰকাৰে জাতি ভিত্তিক পিয়ল কৰাব বুলি এপ্রিল মাহত ঘোষণা কৰিছিল। পিয়লৰ সময়ত সমগ্র দেশৰে পুৰুষ আৰু মহিলাসকলক সুধিবলগীয়া প্ৰশ্নৰ এখন দীঘলীয়া তালিকা থাকিব। ইয়াত জাতি, উপজাতিৰ সৈতে জড়িত প্রশ্নও থাকিব। উল্লেখযোগ্য যে ইয়াৰ আগতে দেশত লোকপিয়ল হৈছিল ২০১১ চনত। 

কৰ'না মহামাৰীৰ কাৰণে ২০২২ চনৰ লোকপিয়ল স্থগিত ৰখা হৈছিল। দেশত এতিয়া ১৬ বছৰৰ পাছত ২০২৭ চনত লোকপিয়ল হ'ব। উল্লেখযোগ্য যে দেশত পূর্ণ পর্যায়ত জাতি ভিত্তিক লোকপিয়ল হৈছিল দেশ স্বাধীন হোৱাৰ আগতে ১৯৩১ চনত। চৰকাৰে এইবাৰৰ পিয়লৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। লোকপিয়ল ডিজিটেলীও কৰা হ'ব। ইয়াৰ ফলত সময় ৰাহি কৰিব পৰা যাব আৰু ইয়াৰ লগতে অধিক নিখুঁত হোৱাতো সহায় কৰিব।

Share This