লাডাখক টেৰিটৰিয়েল কাউন্সিলৰ স্বীকৃতি দিব কেন্দ্ৰই

dainik janambhumi February 14, 2026

ডিজিটেল ডেস্ক : লাডাখক ষষ্ঠ অনুসূচীৰো অন্তৰ্ভূক্ত কৰা নহয় আৰু ৰাজ্যৰ মৰ্যাদাও দিয়া নহ'ব। এই কথা স্পষ্ট কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। লাডাখৰ দুটা মূল ৰাজানৈতিক সংগঠন লেহ এপেক্স বডী (এল এ বি) আৰু কার্গিল ডেমক্রেটিক এলায়েন্স (কে ডি এ)ৰ যোৱা সপ্তাহত নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ৰ উচ্চস্তৰীয় সমিতিৰ সৈতে হোৱা বৈঠকত সমিতিয়ে এই কথা স্পষ্ট কৰি দিয়ে। 

লাডাখৰ ৰাজনৈতিক সংগঠন দুটাৰ নেতৃত্বই প্রকাশ কৰিছে যে ৰাজ্যৰ মৰ্যাদা অথবা ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে লাডাখক টেৰিটৰিয়েল কাউন্সিল হিচাপেহে স্বীকৃতি দিব বিচাৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই নতুন প্ৰস্তাৱৰ জৰিয়তে লাডাখ স্বায়ত্তশাসিত পার্বত্য উন্নয়ন পৰিষদ (এল এ এইচ ডি চি)ৰ মুখ্য কার্যবাহী কাউন্সিলাৰগৰাকীক মুখ্যমন্ত্রী আৰু উপ-মুখ্য কাৰ্যবাহী কাউন্সিলাৰজনক উপ-মুখ্যমন্ত্রী হিচাপে স্বীকৃতি দিয়া হ'ব। 

ইফালে, লাডাখৰ সমাজকর্মী ছুনম ৱাংচুকৰ গ্রেপ্তাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনোৱা এখন আৱেদনৰ শুনানিৰ সময়ত বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে বিচাৰপীঠক জনায় যে ৱাংচুকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰখাৰ ফলত লাডাখলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে। লাডাখৰ বৰ্তমানৰ পৰিৱেশ দেখিলে ৱাংচুকক কাৰাগাৰত ৰখাটো সঠিক সিদ্ধান্ত বুলিব পাৰি।

Share This