উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কেন্দ্ৰীয় চৰকাৰৰ 

dainik janambhumi April 27, 2025

ডিজিটেল ডেস্ক : ৱাকফ (সংশোধনী) আইন, ২০২৫-ৰ সাংবিধানিক বৈধতাক প্রত্যাহ্বান জনাই দাখিল কৰা আৱেদনসমূহ নাকচ কৰাটো বিচাৰি উচ্চতম ন্যায়ালয়ত শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ প্ৰাৰম্ভিক শপতনামা দাখিল কৰে। উচ্চতম ন্যায়ালয়ত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব ছেৰছা চি শ্বাইক মহিদ্দিনে শপতনামা দাখিল কৰে। 

১,৩৩২ পৃষ্ঠাৰ শপতনামাখনত কেন্দ্ৰীয় চৰকাৰে আইনখনৰ যিকোনো দফা ৰদ কৰাৰ ক্ষেত্ৰত প্ৰবল বিৰোধ কৰে। কেন্দ্ৰই কয় যে এই আইনখনৰ নিষ্পত্তি হৈছে, গতিকে এতিয়া সাংবিধানিক আদালতে এটা বিধিসম্মত ব্যৱস্থা প্রত্যক্ষ বা পৰোক্ষভাৱে ৰদ কৰিব নোৱাৰে। শপতনামাখনত এইটোও কোৱা হয় যে আইনখন মুছলমান সম্প্ৰদায়ৰ বিৰোধী নহয়। 

শপতনামাখনত কেন্দ্ৰীয় চৰকাৰে কয় যে এটা ইচ্ছাকৃত, উদ্দেশ্যপ্রণোদিতভাৱে ৱাকফ (সংশোধনী) আইনখনৰ বিষয়ে অপপ্ৰচাৰ চলাই থকা হৈছে। এই অপপ্রচাৰে আদালতখনকো বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলি শপতনামাখনত কেন্দ্রীয় চৰকাৰে কয়।

Share This