মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ হেঁচা, জি-৭ৰ দেশে বিশ্বৰ বজাৰলৈ মুকলি কৰিব ১০০ নিযুত বেৰল তেল

Dainik Janambhumi October 04, 2026

ডিজিটেল ডেস্ক : মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ পৰা পোৱা তীব্র হেঁচাৰ পাছতে 'জি৭'ৰ অন্তর্গত দেশসমূহে বিশ্বত তেলৰ নাটনি দূৰ কৰাৰ বাবে ১০০ নিযুত বেৰল তেল মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে। কেৱল তেলেই নহয় অন্যান্য তৈল উৎপাদনো বজাৰলৈ মুকলি কৰিব জি৭ৰ দেশকেইখনে। পেট্রল-ডিজেলৰ নাটনিৰ ফলত বিশ্বজুৰি শক্তি সংকট আৰু তেলৰ দাম বৃদ্ধি হোৱাৰ প্রতি দৃষ্টি ৰাখি জি৭ৰ অন্তৰ্গত দেশসমূহক সাধ্য অনুসৰি তেল মুকলি কৰি দিয়াৰ ববে আহ্বান জনাইছিল। 

জি৭ৰ দেশসমূহে সন্মিলিতভাৱে প্রকাশ কৰিছে যে ২০ দিনৰ ভিতৰত গ্ৰুপটোৱে কিছু পৰিমাণৰ ডিজেল মুকলি কৰি দিব। বাকীখিনি তেল চাৰি মাহৰ ভিতৰত মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে প্রকাশ কৰিছে যে ডিজেল মোকলাই দিয়াৰ ব্যৱস্থাটো খৰতকীয়া হ'ব লাগে। কাৰণ দেশখনৰ মধ্যকালীন নিৰ্বাচনৰ পূৰ্বে মার্কিন প্রশাসন তীব্র হেঁচাৰ সন্মুখীন হৈছে। 

উল্লেখযোগ্য যে আমেৰিকাত শুকুৰবাৰে ডিজেলৰ দাম প্রতি গেলনত ৬.৩৭ ডলাৰলৈ বৃদ্ধি পালে। ইউৰোপতো তেলৰ দাম তীব্ৰ গতিত বৃদ্ধি পাইছে। ইফালে, জি৭ৰ অধ্যক্ষতাৰ দায়িত্বত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্র'ই আশা প্রকাশ কৰে যে জি৭এ তেল মোকলাই দিয়াৰ ফলত বিশ্বৰ বজাৰত ।

Share This