দুমাহেও লাভ নকৰিলে প্রথম কিস্তিৰ ধন

Dainik Janambhumi October 04, 2026

ডিজিটেল ডেস্ক : বলিয়া বানে বিধ্বস্ত কৰা শিৱসাগৰ আৰু চৰাইদেউ জিলা তথা মাহমৰা, ডিমৌ আৰু নাজিৰা সমষ্টিৰ সীমামূৰীয়া শিলাকুটি, গড়গাঁও, হলৌফুকন, ধোপাবৰ আদিকে ধৰি কেইবাখনো গাঁও পঞ্চায়তৰ কেইবা শতাধিক বানপীড়িত ৰাইজে আজি পর্যন্ত মুখ্যমন্ত্ৰীৰ তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধনকে লাভ কৰিবলৈ সক্ষম হ'ব পৰা নাই। ইয়াকে লৈ ৰাইজৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। দোহৰাৰ প্ৰয়োজন নাই যে যোৱা ১৯ জুলাইৰ বলিয়া বানে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত তাণ্ডৱ সৃষ্টি কৰি জন-ধন-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন কৰিছিল। 

বানাক্ৰান্ত ৰাইজক তৎকালীনভাৱে সহায়ৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ৩ আগষ্টত ভিডিঅ' কনফাৰেন্স যোগে বানাক্রান্ত প্রত্যেক পৰিয়ালক ২৫,০০০কৈ টকা দিয়াৰ কথা ঘোষণা কৰিছিল। ইয়াৰে প্ৰথম কিস্তি হিচাপে ১৫,০০০ আৰু দ্বিতীয় কিস্তি হিচাপে ১০,০০০কৈ টকা নির্দিষ্ট বেংক একাউণ্টত সুমুৱাই দিব বুলিও জোৰদাৰ ঘোষণা কৰিছিল। পিছে মুখ্যমন্ত্ৰীৰ এই ঘোষণা এই পর্যন্ত অসাৰ হৈ ৰোৱা পৰিলক্ষিত হৈছে। বাস্তৱিকতে নিজে প্রত্যক্ষ নকৰিলে কল্পনাও কৰিব নোৱাৰা, কাহানিও মচিব নোৱাৰা দুৰ্দশাৰ বোজা বুকুত বান্ধি লৈ বানাক্ৰান্তই জীৱনটো ক'ৰপৰা আৰম্ভ কৰিব তাক লৈ বহুতেই দিক্ বিদিক হেৰুৱাইছে। এনে পৰিস্থিতিত বিশেষকৈ বানে বিধ্বস্ত কৰি নিঃকিন কৰি পেলোৱা ৰাইজক মুখ্যমন্ত্ৰীৰ এই আর্থিক সাহায্যই কিছু হ'লেও সকাহ দিব বুলি আশা কৰা হৈছিল। 

উল্লেখযোগ্য যে একাংশ ৰাইজে প্রথম কিস্তিৰ ১৫০০০ টকা বেংক যোগে লাভ কৰাৰ বিপৰীত অতি ৰহস্যজনকভাৱে শশ বন্যার্তই বর্তমানেও এই ধনকেইটাই লাভ কৰিবলৈ সক্ষম হোৱা নাই। যথাযথ ভাবে বানাক্ৰান্তৰ তালিকা সংশ্লিষ্ট কর্তৃপক্ষই সংগ্ৰহ কৰা বুলি স্বয়ং মুখ্যমন্ত্রীয়ে ঘোষণা কৰাৰ পাছতো এগৰাকীয়ে পোৱাত আন এগৰাকী বঞ্চিত হোৱাৰ বিষয়টোরে বানাক্রান্ত জনসাধাৰণৰ মনত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে শেহতীয়াকৈ একাংশ বানাক্রান্ত লোকক চে'ক্ যোগে প্রথম কিস্তিৰ ১৫০০০ প্ৰদান কৰিছে যদিও বর্তমানলৈকে শ শ বানাক্রান্ত লোকে চে'ক্ লাভ কৰা নাই। প্রাপ্ত তথ্য অনুসৰি, শিৱসাগৰ- চৰাইদেউ জিলাৰ অন্তৰ্গত ৰামু গাঁৱৰ ৬১ গৰাকী, মৰাণ গাঁৱৰ ১৬, মাউত গাঁৱৰ ৮০, অভয়াপুৰী-লোণপুৰীয়াৰ ৪১, ভূতৰবাৰীৰ ৭০, পানীবিলৰ ৮১, মহন দেউধাইৰ ১৫, টিপমীয়া-দিহিংগীয়া কোঁৱৰ গাঁৱৰ ১৩০গৰাকীকে ধৰি শিলাকুটি ১নং কোঁৱৰ, শিলাকুটি ভকত ভাজনি, দীঘলপাচি, ঘোঁৰাচোৱা, ৰজাবাৰী, লাকুৱা চাহ বাগিচা, গড়গাঁও, দেওধাই গাঁও, খনিকৰ গাঁও, বেংমূৰীয়া, টিপমীয়া, বিহ্বৰ, চণ্টক আদি অঞ্চলৰ কেইবাশ বানাক্ৰান্ত ৰাইজে মুখ্যমন্ত্ৰীৰ তৎকালীন সাহায্যৰ ধনৰ নামত টকা এটাও বৰ্তমানলৈ লাভ কৰা নাই। এক নিৰ্ভৰযোগ্য সূত্রে জানিব পৰা মতে, জিলা আয়ুক্তৰ কাৰ্যালয়ত যাৱতীয় কাম-কাজ সম্পূৰ্ণ হোৱাৰ পাছতো বহুলোকক অতি ৰহস্যজনকভাৱে চে'ক্‌ প্ৰদান কৰা নাই। 

জিলা আয়ুক্তৰ কাৰ্যালয়ত গাফিলতিৰ বাবেই হওক বা আন কোনো কাৰণতেই হওক বানাক্ৰান্ত শ শ ৰাইজ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বঞ্চিত হ'বলগীয়া হোৱাটো বিপর্যস্ত নাগৰিক বঞ্চিত হোৱাৰেই এক দৃষ্টান্ত হৈ উঠিছে। ইফালে, ৰাইজৰ এই দুৰ্দশাৰ পাছতো শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বাহিৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আন আন বিধায়ক-মন্ত্ৰীসকলে চকু মুদাৰ ভাও ধৰা বুলি ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Share This