ডিজিটেল ডেস্কঃ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (আৰ চি বি) অষ্টাদশ সংস্কৰণৰ আই পি এলৰ বিজয়ীৰ সূত্ৰে লাভ কৰিলে ২০ কোটি টকা। আনহাতে, ৰানাৰ-আপ পঞ্জাব কিংছে পালে ১২.৫ কোটি টকা।
মঙলবাৰে ঐশ্বর্যশালী প্রতিযোগিতাখনৰ ফাইনেলত পঞ্জাব কিংছক ৬ ৰানত হৰুৱাই প্ৰথমবাৰলৈ চেম্পিয়নৰ সন্মান অর্জন কৰে। বিশ্বৰ সর্ববৃহৎ টি-২০ লীগখনত তেনেদৰেই আৰ চি বিৰ লগতে বিৰাট কোহলীয়ে ১৮ বছৰীয়া দীর্ঘ প্রতীক্ষাৰ অন্ত পেলায়। ইফালে, তৃতীয় স্থান দখলকাৰী মুম্বাই ইণ্ডিয়ানছে কোৱালিফায়াৰ-২-ত -প্ৰৱেশ কৰাৰ সূত্রে ৭ কোটি টকা পায়।
এলিমিনেটৰত খেলাৰ বাবে ৬.৫ কোটি টকা লাভ কৰে চতুৰ্থ স্থান দখল কৰা গুজৰাট টাইটানছে। ইয়াৰ লগতে অৰেঞ্জ কেপ জয়ী ছাই সুদর্শনে ১০ লাখ, পার্পল কেপ জয়ী প্রসিদ্ধ কৃষ্ণই ১০ লাখ, এমার্জিং খেলুৱৈ ছাই সুদর্শনে ১০ লাখ, সবাতোকৈ মূল্যৱান খেলুৱৈ সূর্যকুমাৰ যাদৱে ১৫ লাখ, ছিজনৰ ছুপাৰ ষ্ট্ৰাইকাৰ বৈভৱ সূৰ্যবংশীয়ে ১০ লাখ টকা আৰু টাটা কার্ভ গাড়ী আৰু ফাইনেলৰ মেন অব দ্য মেচ ক্রুনাল পাণ্ডিয়াই পায় ৫ লাখ টকা।