ফাইনেলত ইণ্টাৰ মিলান ৫-০ গ'লত পৰাজিত,চেম্পিয়নছ লীগৰ চেম্পিয়ন পি এছ জি

dainik janambhumi June 02, 2025

ডিজিটেল ডেস্ক : পেৰিছ ছেইন্ট জার্মেই (পি এছ জি) চেম্পিয়নছ লীগৰ চেম্পিয়ন হৈছে। ফ্ৰান্সৰ দ্বিতীয়টো ক্লাব হিচাপে চেম্পিয়নছ লীগৰ খিতাপ তুলি ধৰে পি এছ জিয়ে। শনিবাৰৰ একপক্ষীয় ফাইনেলত ইটালিৰ ইণ্টাৰ মিলানক ৫-০ গ'লত হৰুৱাই ইউৰোপৰ শ্ৰেষ্ঠ ক্লাব হিচাপে পৰিণত হয় পি এছ জি। 

১৯৯৩ চনত ফ্ৰান্সৰ ক্লাব মার্চেই চেম্পিয়নছ লীগ জয় কৰিছিল। সেয়াই আছিল প্ৰথম আৰু ইমান বছৰ ধৰি ফৰাচী ক্লাবৰ সেইটোৱেই আছিল অন্তিম সফলতা। ঘটনাক্রমে মার্চেই হৰুৱাইছিল ইটালিৰ আন এটা ক্লাব এ চি মিলানক। ইফালে, ৩২ বছৰৰ পাছত জার্মানিত ৰূপ-কথা লিখিলে পি এছ জিয়ে। 

৫-০ গ'লত ইণ্টাৰক হৰুৱাই ইতিহাস ৰচনা কৰে ফৰাচী ক্লাবটোৱে। চেম্পিয়নছ লীগৰ ফাইনেলৰ ইতিহাসত এই প্রথম ইমান বৃহৎ ব্যৱধানত কোনো দল জয়ী হ'ল। পি এছ জিক আশ্রফ হাকিমিয়ে ১২ মিনিটতে অগ্রগতি দিয়ে। ইয়াৰ পাছত ডিজায়াৰ ডুবেই ২০ আৰু ৬৩ মিনিটত দুটা গ'ল দি ব্যৱধান ৩-০ কৰে। কাভাৰাছ মেলিয়ে ৭৩ মিনিটত আৰু মেয়ুলুৱে ৮৬ মিনিটত পি এছ জিৰ জয় ৫-০৩ নিশ্চিত কৰে।

Share This