ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফীক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত বিতৰ্কৰ অন্ত পৰা নাই৷ এইবাৰ আৰম্ভ হ’ল জাৰ্ছী- বিতৰ্ক৷ ভাৰতীয় দলৰ জাৰ্ছীত আয়োজক দেশ পাকিস্তানৰ নাম লিখা নাথাকিব৷ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ এই দাবীৰ কথা জানিবলৈ দিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ এগৰাকী কৰ্মকৰ্তাই৷ নিয়ম অনুযায়ী আই চি চিৰ প্ৰতিযোগিতাত আয়োজক দেশখনৰ নাম সকলো দেশৰ জাৰ্ছীত লিখা থাকিব৷
সাধাৰণতে জাৰ্ছীৰ বাওঁফালে প্ৰতিযোগিতাৰ ল’গ’ আৰু আয়োজক দেশখনৰ নাম থাকে৷ কিন্তু ভাৰতে নিজৰ জাৰ্ছীত পাকিস্তানৰ নাম ৰাখিবলৈ ইচ্ছুক নহয় বুলি জানিব পৰা গৈছে৷ অৱশ্যে, এই সন্দৰ্ভত ব’ৰ্ডৰ কোনো কৰ্মকৰ্তাই একো কোৱা নাই৷ কিন্তু জাৰ্ছীক লৈ বিতৰ্ক ইতিমধ্যেই আৰম্ভ হৈছে৷ এটা সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত পাক ব’ৰ্ডৰ এগৰাকী কৰ্মকৰ্তাই কয়, ‘বি চি চি আয়ে ক্ৰিকেটলৈ ৰাজনীতি আনিছে৷ খেলবিধৰ বাবে এয়া ভাল কথা নহয়৷
ভাৰতে পাকিস্তানলৈ আহিব বিচৰা নাই৷ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ লগতে অধিনায়কসকলৰ ফটো ছেছনৰ বাবে ৰোহিত শৰ্মাক আয়োজক দেশখনলৈ প্ৰেৰণ কৰিবলৈ ৰাজী নহয়৷ এতিয়া শুনিবলৈ পাইছোঁ যে ভাৰতে জাৰ্ছীতো পাকিস্তানৰ নাম ৰাখিব বিচৰা নাই৷ আশা কৰিছোঁ আই চি চিয়ে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব আৰু এনে হ’বলৈ নিদিব৷’ উল্লেখযোগ্য যে ভাৰতে আৰম্ভণিৰ পৰাই পাকিস্তানত চেম্পিয়নছ্ ট্ৰফী খেলাৰ বিৰুদ্ধে আছিল৷ সেইবাবেই আই চি চিয়ে হাইব্ৰীড মডেল অনুসৰি প্ৰতিযোগিতাখন আয়োজন কৰিছে৷ সেই অনুসৰি ভাৰতে নিজৰ সকলো মেচ ডুবাইত খেলিব৷ যদি ৰোহিত শৰ্মা বাহিনীয়ে ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰে তেন্তে সেই সকলো খেল হ’ব ডুবাইত৷