'স্বাগতম, বন্ধু!' চন্দ্ৰপৃষ্ঠত পৰি থকা চন্দ্ৰযান-২ এ মেছেজ পঠিয়ালে  চন্দ্ৰযান-৩ লৈ

Kakali Deka August 21, 2023

ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযানৰ জড়িয়তে বিশ্বত ভাৰতৰ নাম উজলাবলৈ চেষ্টা অব্যাহত ৰখা ইছৰোই সোমবাৰে আৰু এটা নতুন খবৰ দিছে। ইছৰোই দিয়া খবৰ অনুসৰি চন্দ্ৰপৃষ্ঠত জঠৰ হৈ পৰি থকা   চন্দ্ৰযান-২ৰ  অৰ্বিটাৰ আৰু চন্দ্ৰযান-৩ মিছনৰ লেণ্ডাৰ মডিউলৰ মাজত দ্বিমুখী যোগাযোগ স্থাপন সম্ভৱ হৈ উঠিছে। চন্দ্ৰযান-২ এ' স্বাগতম, বন্ধু!  আদৰণি জনাইছো' বুলি চন্দ্ৰযান-৩ লৈ বাৰ্তা প্ৰেৰণ কৰিছে ।  দুয়ো খন যানৰ  মাজত দ্বিমুখী যোগাযোগ প্ৰতিষ্ঠা কৰাত ইছৰো সফল হোৱা বুলিও কোৱা হৈছে। চন্দ্ৰযান ৩ এ ২৩ আগষ্ট, ২০২৩ (বুধবাৰে) সন্ধিয়া  প্ৰায় ৬ বজাত  চন্দ্ৰত অৱতৰণ কৰিবলৈ সাজু হৈছে।  ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬.০৪ বজাত এই অৱতৰণ হ’ব।  

      মহাকাশযানখন এতিয়া ইয়াৰ অন্তিম গন্তব্যস্থান চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৰা মাত্ৰ সামান্য দূৰত আছে। ইছৰো ৱেবছাইট (isro.gov.in), ফেচবুক (facebook.com/ISRO), ইউটিউব (youtube.com/watch?v=DLA_64yz8Ss...)ত চন্দ্ৰযান 
৩ ৰ অৱতৰণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব। মাজত মাত্ৰ দুদিন। তাৰ পিছত সেই বিৰল  মুহূৰ্তটো আহিব । ২০১৯ চনত ভাৰতৰ চন্দ্ৰযান-২ৰ সফল হোৱা নাছিল। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময়তে চন্দ্ৰযান দুই ভাগি পৰিছিল।

২০১৯ ৰ সেই 'তিক্ত' অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ভাৰতে এইবাৰ অতি সাৱধানে চন্দ্ৰত ভৰি থোৱাৰ পৰিকল্পনা কৰিছে। লেণ্ডাৰ 'বিক্ৰমে' লাহে লাহে চন্দ্ৰৰ পিনে আগুৱাই গৈছে।  মূল মহাকাশযানৰ পৰা পৃথক হোৱাৰ পিছত ভাৰতীয় মহাকাশযানখনৰ গতি  মন্থৰ হৈ পৰিছে। দেওবাৰে দ্বিতীয় পৰ্যায়ত গতি হ্ৰাস কৰা হৈছে। ভাৰতীয় চন্দ্ৰযানখনে চৰাইৰ  দৰে চন্দ্ৰপৃষ্ঠত লাহেকৈ অৱতৰণ কৰিব। ইয়াক 'চফ্ট লেণ্ডিং' বুলি কোৱা হয়।

Share This