ফ্লুমিনেন্সক হৰুৱাই ফাইনেলত চেলছী

dainik janambhumi July 10, 2025

ডিজিটেল ডেস্ক : ফিফা ক্লাব বিশ্ব কাপৰ ছেমি ফাইনেলত থমকিল ব্রাজিলীয় চাম্বাৰ ধ্বনি। এগৰাকী ব্রাজিলিয়ান ফুটবলাৰৰ দুটা গ'লৰ বাবেই সেয়া সম্ভৱ হ'ল। ব্রাজিলৰ ক্লাব ফ্লুমিনেন্সক ২-০ ব্যৱধানত হৰুৱাই ক্লাব বিশ্ব কাপৰ ফাইনেলত উপনীত হ'ল চেলছী। ইংলিছ ক্লাবটোৰ হৈ দুয়োটা গ'লেই দিলে ফ্লুমিনেন্সৰ প্রাক্তন ফুটবলাৰ জুৱাও পেদ্রোবে। ব্রাজিলৰ ক্লাবটোৱে গ্ৰুপ পৰ্যায়ত হৰুৱাইছিল বৰুছিয়া ডর্টমুণ্ডক। 

ছেমি ফাইনেলত প্ৰৱেশৰ পথত হৰুৱাইছিল ইণ্টাৰ মিলান আৰু আল হিলালৰ নিচিনা শক্তিধৰ ক্লাবক। পিছে শেষ পর্যন্ত চেলছীৰ হাতত পৰাজয়েৰে ফাইনেলৰ পৰা বঞ্চিত হয় থিয়াগো ছিলভাৰ দল ফ্লুমিনেন্সৰ। খেলৰ ১৭ মিনিটত পেড্রোৱে দীর্ঘ দূৰত্বৰ পৰা দিয়া গ'লেৰে চেলছীক অগ্রগতি দিয়ে। তেওঁৰ ক্লাব কেৰিয়াৰ আৰম্ভ হয় ফ্লুমিনেন্সৰ জাৰ্ছীৰে। 

পেড্রোৱে মাথোঁ ৮ দিনৰ আগেয়ে চেলছীত যোগ দিছিল। তেওঁ ছেমি ফাইনেলতে প্রথমবাৰলৈ চেলছীৰ জাৰ্ছী পিন্ধাৰ সুযোগ পাইছিল। অন্তিম ৪ৰ খেলখনতে দুগ'ল দি মেজিক দেখুৱায় পেড্রোবে। চেলছীৰ হৈ পেড্রোৱে ৫৬ মিনিটত ব্যক্তিগত দ্বিতীয়টো গ'লেৰে দলৰ জয় ২-০ত নিশ্চিত কৰে। ইফালে, প্রতিযোগিতাৰ আনখন ছেমি ফাইনেলত মুখামুখি হ'ব পি এছ জি আৰু ৰিয়েল মাদ্রিদ।

Share This