পি এছ জিক হৰুৱাই চেলছী বিজয়ী

dainik janambhumi July 15, 2025

ডিজিটেল ডেস্ক : উৱেফা চেম্পিয়নছ লীগৰ চেম্পিয়ন পেৰিছ ছেইন্ট জার্মেইক (পি এছ জি) ৩-০ গ'লত হৰুৱাই চেলছীয়ে ফিফা ক্লাব বিশ্ব কাপত বিজয়ীৰ সন্মান লাভ কৰে। দেওবাৰে প্রতিযোগিতাখনৰ ফাইনেলত কোল পালমাৰে ৮ মিনিটৰ অন্তৰালত দিয়া দুগ'লৰ সহায়ত ফৰাচী লীগৰ বিজয়ী পি এছ জিক চমক খুৱাই শ্রেষ্ঠত্ব অর্জন কৰে প্রিমিয়াৰ লীগ ক্লাব চেলছীয়ে। পালমাৰে ২২ মিনিটত চেলছীৰ হৈ গ'লৰ পাতনি মেলে। ইয়াৰ ৮ মিনিটৰ পাছত পালমাৰে ব্যক্তিগত দ্বিতীয়টো গ'লেৰে ব্যৱধান ২-০ কৰে। ছিজনত এয়া আছিল পালমাৰৰ অষ্টাদশ গ'ল। 

আনহাতে, ৪৩ মিনিটত ইংলিছ ক্লাবটোক ৩-০ৰ ব্যৱধানত অগ্রগতি প্রদান কৰে ব্রাজিলিয়ান তাৰকা জোৱাউ পেদ্রোৱে। পি এছ জিয়ে দ্বিতীয়ার্ধত প্রত্যাহ্বানৰ চেষ্টা চলালেও চেলছীৰ ৰক্ষণ বিভাগ ভেদ কৰাত ব্যর্থ হয়। দ্বিতীয়ার্ধত তেনেদৰেই কোনোটো দলেই গ'লৰ মুখ নেদেখিলে। 

ইফালে, ২০২৪-২৫ ছিজনত ৪টা খিতাপ জিকিছিল লুইছ আৰিকৰ দল পি এছ জিয়ে। ইয়াৰ ভিতৰত আছিল ফৰাচী লীগ, কুপে ডে ফ্রেঞ্চ, ফ্রেঞ্চ ছুপাৰ কাপ আৰু চেম্পিয়নছ লীগ। ইয়াৰ পাছত ক্লাব বিশ্ব কাপতো খিতাপ জয়ৰ আশা কৰিছিল পি এছ জিয়ে। পিছে চেলছীৰ হাতত পৰাজয়েৰে সেই আশা ভংগ হয় ফৰাচী ক্লাবটোৰ।

Share This