ডিজিটেল ডেস্ক : চেন্নাই ছুপাৰ কিংছে চলিত আই পি এলত একেৰাহে তৃতীয়টো পৰাজয়ৰ সন্মুখীন হৈছে। কালিৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত ৪৩ ৰানত পৰাজিত হয় চেন্নাই। টিম ডেভিদ, অধিনায়ক ৰজত পাটিদাৰ আৰু দেৱদত্ত পাড়িকালৰ বেটিং বিক্ৰমৰ জৰিয়তে প্রথমে বেট ধৰি বেংগালুৰুৱে ৩ উইকেটত ২৫০ ৰান কৰিছিল। প্ৰত্যুত্তৰত চেন্নায়ে ১৯.৪ অ'ভাৰত ২০৭ ৰানত অল-আউট হয়।
পৰাজয়ৰ হেটত্রিক অৰ্জন কৰা চেন্নাইৰ ইনিংছত ছৰফৰাজ খানে সর্বাধিক ৫০ আৰু প্রশান্ত বীৰে ৪৩ ৰানৰ অৱদান যোগায়। ইয়াৰ আগেয়ে দেৱদত্ত পাড়িকাল আৰু টিম ডেভিদৰ বিধ্বংসী অর্ধশতৰানৰ সহায়ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চলিত আই পি এলত সর্বাধিক স্ক'ৰ থিয় কৰিবলৈ সক্ষম হয়। ডেভিদ আৰু পাড়িকালৰ উপৰি অধিনায়ক ৰজত পাটিদাৰ আৰু ফিলিপ ছল্টৰ আকর্ষণীয় ইনিংছৰ জৰিয়তে বেংগালুৰুৱে ৩ উইকেটত বিশাল ২৫০ ৰান কৰে।
পাড়িকালৰ ২৯টা বলত ৫০ আৰু অপৈনাৰ ফিলিপ ছল্টৰ ৩০ বলত ৪৬ ৰানেৰে বেংগালুৰুৱে বৃহৎ স্ক'ৰ থিয় কৰে। পৰৱৰ্তী সময়ত অধিনায়ক পাটিদাৰে (১৯ বলত ৪৮) আৰু ডেভিদে (২৫টা বলত ৭০ ৰান) ৩৬টা বলত অবিজিত ৯৯ ৰানৰ সংযোজন ঘটাই দলীয় স্ক'ৰ ২৫০ ৰানলৈ তুলি নিয়ে।