কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ

dainik janambhumi August 14, 2025

ডিজিটেল ডেস্ক : আঠ সপ্তাহৰ ভিতৰত দিল্লী-এন চি আৰৰ পৰা সকলো ভতুৱা কুকুৰ আঁতৰাবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিয়াৰ পাছতেই সমগ্র দেশতে প্রতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ মাজতে ভতুৱা কুকুৰবোৰক সুৰক্ষিত ঠাইত পুনৰ বাসনৰ বাবে উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হয়। 

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গৱইৰে গঠিত এখন বিচাৰপীঠে কয় যে এই বিষয়টোৰ ওপৰত আদালতে গুৰুত্বসহকাৰে বিবেচনা কৰিব। উল্লেখযোগ্য যে সোমবাৰে উচ্চতম ন্যায়ালয়ে এই আদেশটো দিয়াৰ পাছত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিছুমানে এই আদেশটোত 'সকাহ' অনুভৱ কৰিছিল আৰু এই আদেশক 'অযুক্তিকৰ' আখ্যা দি ইয়ে মানুহ- কুকুৰৰ মাজত সংঘাত বৃদ্ধি কৰিব বুলি সতৰ্ক কৰি দিছিল। 

ভতুৱা কুকুৰৰ পুনৰবাসনৰ বাবে অনা আৱেদনখন মুখ্য ন্যায়াধীশক দৃষ্টিগোচৰ কৰাত বুধবাৰে পুৱা মুখ্য ন্যায়াধীশ গৱয়ে এই বিষয়ত ব্যৱস্থা ল'ব বুলি আশ্বাস দিয়ে।

Share This