মুখ্যমন্ত্রী ড° শৰ্মাৰ ঘোষণা, চলিত মাহতে ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ 'পাকিস্তান লিংক'

dainik janambhumi January 10, 2026

ডিজিটেল ডেস্ক: চলিত মাহতে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তথা তেওঁৰ পৰিয়ালৰ পাকিস্তান লিংকৰ সবিশেষ তথ্য ৰাজহুৱা কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। কালি সাংবাদিকৰ আগত এই কথা প্রকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, 'জুবিনৰ ঘটনাটোৰ বাবে আমি কিছু দিন ৰৈ দিব লগীয়া হ'ল। এতিয়া আমি জানুৱাৰীতে সকলো কথা ৰাজহুৱা কৰিম, ফেব্ৰুৱাৰী মাহ নাপায়গৈ। আমাৰ অফিচাৰসকলে এই কেইদিন কাম কৰি কাগজ পত্ৰ সকলো ঠিক কৰি আছে।' 

আনহাতে পাকিস্তান ভাৰতৰ এখন শত্রু ৰাষ্ট্ৰ বুলি মত প্রকাশ কৰি তেওঁ কয়, 'এনে এখন দেশৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাটো উচিত নে নহয় সেয়া অসমৰ ৰাইজে বিচাৰ কৰিব।' ইফালে আজিৰ পৰা চাৰি মাহৰ আগতে গৌৰৱ গগৈয়ে তেওঁৰ দুয়োটা সন্তান ব্ৰিটিছ বুলি স্বীকাৰ কৰাৰ পাছতো আজিলৈকে কিয় ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই বুলি প্রশ্ন তুলি ড° শর্মাই কয় যে এইজন লোক আকৌ অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজে। তেওঁ যদি মুখ্যমন্ত্রী হয় তেনেহ'লে তেওঁৰ পত্নী, সন্তান ভাৰতীয় নহ'লে অফিচাৰসকলে কি সাহসত গৈ তেওঁৰ সৈতে কথা পাতিব? 

মুখ্যমন্ত্ৰীৰ মতে, 'অসমৰ মানুহে সকলো কথা বুজে, জানে। এনেকুৱা লোকক অসমৰ লোকে বৰ ঘৰত কেতিয়াও সোমাবলৈ নিদিয়ে।' আনহাতে এই সকলো কথা ৰাজহুৱা কৰাৰ পাছত অধিক তদন্তৰ বাবে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি জনাই তেওঁ কয়, 'বহুত ডাঙৰ ষড়যন্ত্র। এই কথা ৰাইজে জানিবই লাগিব। আমি যি লাভ কৰিছোঁ সেয়াই ভয়ংকৰ। এন আইৰ ওচৰলৈ গ'লে আৰু কি ওলাব ঠিক নাই।'

Share This