ডিজিটেল ডেস্ক : ভাৰতস্থিত জাপানৰ ৰাষ্ট্রদূত অ'নো কেঈচিক কালি নতুন দিল্লীত সাক্ষাৎ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই সাক্ষাৎ কালত তেওঁ বিনিয়োগৰ বাবে অসমে সকলোৰে বাবে দুৱাৰ খোলা ৰখাৰ কথা ব্যক্ত কৰি জাপানক অসমত বিনিয়োগ কৰাৰ বাবে আহ্বান জনায়। প্রায় আধা ঘণ্টা সময় ধৰি হোৱা এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত অ'নো কেঈচিয়ে কালি নতুন দিল্লীত তেওঁৰ বাসভৱনত জাপানৰ পৰম্পৰাগত 'চা-নো-য়ু' চাহমেলত অংশগ্ৰহণৰ বাবে জনোৱা আন্তৰিক আমন্ত্ৰণৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আনহাতে, এই সময়ত তেওঁৰে হোৱা ফলপ্রসূ আলোচনাত ভাৰত-জাপানৰ সহযোগিতাৰ নতুন দিশসমূহ আৰু সাম্প্ৰতিক ভাৰত-জাপান শীর্ষ সন্মিলনৰ ফলাফলসমূহৰ বিষয়ত বিস্তৃতভাৱে মত-বিনিময় কৰা হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিশেষকৈ ছেমিকণ্ডাক্টৰ গৱেষণা, স্বচ্ছ শক্তি আৰু জাপানী ভাষা প্রশিক্ষণৰ ক্ষেত্ৰত অসমৰ বাবে সৃষ্টি হোৱা নতুন সম্ভাৱনাসমূহৰ বিষয়ে আলোচনা কৰা হয়।
উল্লেখযোগ্য যে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাচিয়ে যোৱা এক জুলাইত ভাৰত ভ্ৰমণলৈ আহিছিল। সেই সময়ত তেওঁ অসমলৈ অহাৰ কথা আছিল যদিও সময়ৰ অভাৱত তেওঁ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰে। ফলত বার্ষিক ভাৰত-জাপান সন্মিলন আৰু আলোচনাৰ স্থান গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। অৱশ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্রমণ বাতিল হ'লেও, জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে কালি মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকে বিশেষ তাৎপর্য বহন কৰিছে।