জাপানলৈ মুখ্যমন্ত্রী

dainik janambhumi April 30, 2026

ডিজিটেল ডেস্ক : নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পূৰ্বে বিদেশলৈ বুলি ৰাওনা হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। অসমৰ পাছত পশ্চিম বংগৰ নিৰ্বাচনত মাৰাথন প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে নিশা জাপানলৈ বুলি ৰাওনা হয়। ব্যক্তিগত ভ্রমণসূচীৰে জাপানলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকী নির্বাচনী ফলাফল ঘোষণাৰ দুই-এদিনৰ পূৰ্বেহে অসমলৈ ঘূৰি আহিব। 

উল্লেখযোগ্য যে অসমত ভোট গ্রহণৰ পাছত প্রায়সংখ্যক ৰাজনৈতিক নেতাই সম্প্রতি ৰাজনীতিৰ পথাৰখনৰ পৰা সাময়িকভাৱে জিৰণি লৈছে। কিছুসংখ্যক নেতা বিদেশলৈ যোৱাৰ বিপৰীতে আন বহুসংখ্যক নেতাই দেশৰে বিভিন্ন স্থান ফুৰিবলৈ গৈছে। 

আনকি মন্দিৰে মন্দিৰে গৈও একাংশই পূজা-অর্চনা অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী ড° শর্মায়ো প্রায় এটা পষেক ধৰি পশ্চিম বংগত একেৰাহে নিৰ্বাচনী প্ৰচাৰ
চলোৱাৰ অন্তত যোৱা মঙলবাৰে ৰাজস্থানত উপস্থিত হৈ বালাজি ধাম মন্দিৰ দৰ্শন কৰি পুৰীৰ জগন্নাথ মন্দিৰত পূজা-অর্চনা কৰে। ইয়াৰ পাছত কলকাতাৰ পৰাই তেওঁ বিদেশলৈ ৰাওনা হোৱাৰ কথা জানিব পৰা গৈছে।

Share This