ডিজিটেল ডেস্কঃ কাহৰ ঔষধ সেৱন কৰি মধ্য প্রদেশ আৰু মহাৰাষ্ট্ৰত শিশুৰ মৃত্যু হোৱাৰ ঘটনাৰ পাছত স্বাস্থ্য সেৱাৰ প্ৰধান সঞ্চালকালয়ে (ডি জি এইচ এছ) সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ শিশুৰ ক্ষেত্ৰত কাহৰ ছিৰাপ ব্যৱহাৰৰ বিষয়ত পৰামৰ্শ প্ৰেৰণ কৰিছে। বিজ্ঞপ্তিত ডি জি এইচ এছে 'শিশুৰ বাবে কাহৰ ছিৰাপৰ বিবেচনাপূর্ণ নির্ধাৰণ আৰু বিতৰণ'ৰ সপক্ষে মত দাঙি ধৰে।
ডি জি এইচ এছে কয়, 'শিশুৰ শৰীৰত হোৱা বেছিভাগ গুৰুতৰ কাহ নিজে নিজেই ভাল হয় আৰু কোনো ঔষধ অবিহনেই ঠিক হয়।' ডি জি এইচ এছে আৰু কয় যে দুবছৰৰ কম বয়সৰ শিশুক কাহ আৰু পানীলগাৰ ঔষধ দিব নালাগে। ডিজি এইচ এছে কয়, 'সাধাৰণতে পাঁচ বছৰতকৈ কম বয়সৰ শিশু আৰু তাতোকৈ বেছিবয়সৰ শিশুৰ বাবে এনে ঔষধৰ বিধান দিয়া নহয়।
এনে ঔষধ ব্যৱহাৰ কৰাৰ আগতে সাৱধানেৰে নৈদানিক (ক্লিনিকেল) মূল্যায়ন চাব লাগে তথা সঠিক পৰিমাণত খাব লাগে।' উল্লেখযোগ্য যে সংবাদ মাধ্যমৰ বাতৰি মতে, কাহৰ ছিৰাপ সেৱন কৰি দুদিনমান আগত মধ্য প্রদেশ আৰু মহাৰাষ্ট্ৰত ১১টি শিশুৰ মৃত্যু হৈছে।