কাশ্মীৰক লৈ পুনৰ পাকিস্তানৰ সমৰ্থনত চীন

dainik janambhumi May 27, 2026

ডিজিটেল ডেস্ক : কাশ্মীৰ প্ৰসংগত পুনৰ পাকিস্তানৰ পক্ষত থিয় দিলে চীনে। ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰ প্রসংগক লৈ চলি অহা বিবাদ ৰাষ্ট্ৰসংঘৰ চনদৰ ভিত্তিত শান্তিপূর্ণ সমাধানৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ চীনে আহ্বান জনাইছে। ভাৰতে কাশ্মীৰ প্ৰসংগত বহিঃৰাষ্ট্ৰক মূৰ নঘমাবলৈ বাৰে বাৰে আহ্বান জনাই অহাৰ পাছতো নিজ স্বার্থ সিদ্ধিৰ বাবে বেইজিঙে ইছলামাবাদৰ হৈ মাত মাতিছে। 

উল্লেখযোগ্য যে চাৰিদিনীয়া ভ্রমণসূচীৰে যোৱা ২৩ মে'ত পাকিস্তানৰ প্রধানমন্ত্রী শেহবাজ শ্বৰীফ চীনত উপস্থিত হয়গৈ। চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰে শ্বৰীফ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আলোচনাতো মিলিত হয়। দুই ৰাষ্ট্র প্রধানে দ্বিপাক্ষিক নিৰাপত্তা, কৃত্রিম বুদ্ধিমত্তা, আঞ্চলিক যোগাযোগ, সন্ত্রাসবাদৰ বিৰুদ্ধে সহযোগিতাৰ বিষয়ত কৌশলগত সহযোগিতা বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ লগতে ভাৰতে প্রত্যাখ্যান কৰি অহাৰ পাছতো কাশ্মীৰত ইয়াৰ সহজাত পৰিচিত ভাষা পুনৰ প্ৰচলনৰ বিষয়তো আলোচনা কৰে। ভাৰতীয় চোৰাংচোৱাৰ তথ্য অনুসৰি, পাকিস্তানৰ কৰাচী, বেলুচিস্তান আদি চহৰত চীনৰ নাগৰিকৰ ওপৰত আক্ৰমণ বৃদ্ধি হৈ অহাৰ পৰিপ্ৰেক্ষিতত আৰু লগতে চীন-পাকিস্তান অর্থনৈতিক কৰিডৰৰ জৰিয়তে পাকিস্তানত চীনা বিনিয়োগ বৃদ্ধি কৰাৰ স্বাৰ্থত বেইজিঙে ইছলামাবাদৰ লগত সম্পর্ক বৃদ্ধি কৰিছে। যাৰ প্ৰভাৱ শেহবাজ শ্বৰীফৰ শেহতীয়া চীন ভ্ৰমণৰ সময়তে দেখা গ'ল। কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ পক্ষত থিয় দিলে চীনে। 

শ্বৰীফ আৰু জিনপিঙৰ বৈঠকৰ পাছতে সংবাদ মাধ্যমৰ আগত বেইজিঙৰ শীর্ষ বিষয়াই প্রকাশ কৰে যে ৰাষ্ট্ৰসংঘৰ চনদ আৰু নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ ভিত্তিত কাশ্মীৰ বিষয়টোৰ শান্তিপূর্ণ সমাধানৰ পথ লোৱা উচিত। ইফালে, ভাৰতে বিষয়টোত নিজৰ স্থিতি স্পষ্ট কৰি প্রকাশ কৰিছে যে কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ। ২০১৯ চনত সংবিধানৰ সংশোধনীৰ জৰিয়তে জম্মু আৰু কাশ্মীৰত বলৱৎ থকা ৩৭০ অনুচ্ছেদ বাতিল কৰা হয়। এতিয়া ৰাষ্ট্ৰসংঘৰ পুৰণি চনদৰ ভিত্তিত কাশ্মীৰ বিষয়ত বহিঃৰাষ্ট্ৰই আলোচনা কৰা বা আহ্বান জনোৱাৰ কোনো অর্থ নাই।

Share This