ডিজিটেল ডেস্ক : আমেৰিকা আৰু চীনৰ মাজত বাণিজ্য চুক্তিৰ বিষয়ত ছুইজাৰলেণ্ডৰ জেনেভাত দুয়ো দেশৰ প্ৰতিনিধিসকলৰ চলি থকা আলোচনাৰ প্ৰথম দিনৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আলোচনা ইতিবাচক বুলি মন্তব্য কৰিছে।
সামাজিক মাধ্যমৰ প'ষ্টত ৰাষ্ট্ৰপতি ট্রাম্পে চলি থকা আলোচনাখনৰ বিষয়ে মন্তব্য কৰি 'অতি ভাল' বুলি অভিহিত কৰে আৰু বন্ধুত্বপূৰ্ণভাৱে দুয়োখন দেশেই গঠনাত্মক দিশত আলোচনা আগবঢ়াই নিছে বুলি কয়। উল্লেখযোগ্য যে আমেৰিকা আৰু চীনে বিগত সময়ছোৱাত ভীষণ শুল্ক যুদ্ধত অৱতীৰ্ণ হৈছিল।
চীনৰ সামগ্ৰীত আমেৰিকাই ১৪৫ শতাংশ শুল্ক আৰোপ কৰাৰ বিপৰীতে আমেৰিকাৰ সামগ্ৰীত চীনে ১২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। কেইবামাহৰো বাক-বিতণ্ডাৰ পাছত শেহতীয়াকৈ দুয়োখন দেশৰ প্ৰতিনিধিয়ে শনিবাৰৰ পৰা এখন বাণিজ্য চুক্তিৰ দিশত জেনেভাত আলোচনাত বহিছে।