ডিজিটেল ডেস্ক : চীন ভ্ৰমণৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে তিস্তা আৰু অন্য নদীৰ ব্যৱস্থাপনাৰ দিশত চীনৰে সহযোগিতা বৃদ্ধি কৰাৰ প্ৰস্তাৱ উত্থাপন কৰে। এই ভ্ৰমণৰ সময়তে বৃহস্পতিবাৰে তিস্তা আৰু অন্য নদীৰ ব্যৱস্থাপনাৰ দিশত সহযোগিতা শক্তিশালী কৰিবলৈ বাংলাদেশ আৰু চীন সন্মত হয়। বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমান আৰু চীনৰ জলসম্পদ মন্ত্রী লি গোয়ইঙৰ মাজত হোৱা বৈঠকত দুয়োখন দেশে এই বুজাবুজিৰ দিশত উপনীত হয়।
বাংলাদেশৰ চৰকাৰী বাতৰি প্রতিষ্ঠানে এই বাতৰি পৰিৱেশন কৰিছে। ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ মাজত নদীৰ পানী ভাগ-বাটোৱাৰাই গুৰুত্বপূর্ণ স্থান লাভ কৰি থকাৰ সময়তে চুবুৰীয়া দেশ দুখনৰ তিস্তা নদীৰ বিষয়ত এই সহযোগিতা লক্ষণীয় হৈ পৰিছে। উল্লেখযোগ্য যে তিস্তা নদীৰ প্ৰকল্প হৈছে ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ এটা স্পৰ্শকাতৰ বিষয়।
যোৱা ফেব্ৰুৱাৰী মাহত তাৰেক ৰহমানে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ লোৱাৰ পাছৰে পৰা তিস্তা নদীৰ প্ৰকল্পৰ বিষয়ত ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কত গুৰুত্ব লাভকৰিছে। শেহতীয়াকৈ চীনৰ চৰকাৰে তিস্তা নদীৰ বিষয়ত বাংলাদেশৰে সহযোগিতা বৃদ্ধি কৰাটোৱে ভাৰতৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে।