ইণ্ডোনেছিয়াক হৰুৱাই চীন চেম্পিয়ন, বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপ

dainik janambhumi October 12, 2025

ডিজিটেল ডেস্ক : বেডমিন্টনৰ শক্তিধৰ দেশ চীনে গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অব এক্সেলেন্সত চলি থকা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ মিক্সড দলীয় শাখাত খিতাপ লাভ কৰিছে। শনিবাৰে অনুষ্ঠিত ফাইনেলত চীনে ২-০ ব্যৱধানত বিগত বৰ্ষৰ চেম্পিয়ন ইণ্ডোনেছিয়াক হৰুৱাই ১৫ সংখ্যকবাৰৰ বাবে লাভ কৰিলে সুহাদিনাটা কাপ। উল্লেখ্য যে এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপৰ তিনি স্বর্ণ জয়ী তথা দুগৰাকী ৰূপৰ পদক বিজয়ী শ্বাটলাৰৰে গঠিত চীনে প্রায় দুঘণ্টা ধৰি চলা মেচখনত ইণ্ডোনেছিয়াক ৪৫-৩০, ৪৫-৪৪ৰ ব্যৱধানত পৰাস্ত কৰে। 

ইফালে, প্রতিযোগিতাৰ আয়োজক ভাৰতে প্রথমবাৰৰ বাবে বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ মিক্সড দলীয় শাখাত ঐতিহাসিক ব্রঞ্জ অৰ্জন কৰাৰ লগতে পূৰ্বৰ চেম্পিয়ন জাপানেও ব্ৰঞ্জৰ পদক পায়। অসমৰ মুখ্যমন্ত্রী তথা ভাৰতীয় বেডমিন্টন সন্থাৰ সভাপতি ড° হিমন্ত বিশ্ব শর্মাই ফাইনেলত অংশগ্রহণ কৰি ট্ৰফী প্ৰদান কৰে। ফাইনেলৰ প্ৰথমখন মেচত এছিয়ান জুনিয়ৰৰ গাৰ্লছ ডাবলছ চেম্পিয়ন চীনৰ কাও জি হান আৰু চেন গান শ্বু টিয়ানে ইণ্ডোনেছিয়াৰ ৰিস্কা আংগ্ৰানি আৰু ৰিঞ্জানি নাষ্টিনৰ বিৰুদ্ধে ৯-৮৩ জয়লাভ কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে। ইয়াৰ পাছত প্রতিখন মেচতে চীনে জয়লাভ কৰি মেচ নিজৰ আয়ত্তলৈ আনিছিল। প্রথম মেচত ইণ্ডোনিছিয়াই কোনো প্রত্যাহ্বানেই দিব নোৱাৰিলে। দ্বিতীয় ছেটটোত কিন্তু ৰিস্কা আৰু ৰিঞ্জানিয়ে প্ৰত্যাৱৰ্তন কৰি ৯-৫ত জয়ী হৈ ইণ্ডোনেছিয়াক প্ৰত্যাৱৰ্তন কৰায়। 

অৱশ্যে তাৰ পাছত চেন জুন টিং আৰু কাঅ'ৱে ১১ পইণ্টৰ ভিতৰত ১০ পইন্টেই লাভ কৰি চীনক ১৮-১৪ৰ অগ্রগতি দিবলৈ সক্ষম হয়। ইয়াৰ পাছত এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী লিউ ছি য়াকে বিপক্ষ শ্বাটলাৰ থালিতা উইৰিয়াৱানৰ বিৰুদ্ধে জয়ী হৈছিল যদিও চীনৰ ২৭-২৪ৰ অগ্রগতি আছিল। চীনৰ লিউ ইয়াং মিঙে ছিংগলছত প্রতিদ্বন্দ্বীক ভুল কৰিবলৈ বাধ্য কৰাইছিল আৰু দলক চাৰি পইণ্টৰ অগ্রগতি প্রদান কৰিছিল। ইণ্ডোনেছিয়াৰ এলেক্সিয়াছ চুবাজিঅ' আৰু ৰাইহান প্রামোনোৱে অন্তিম মুহূর্তত ৪৪-৪৩ ত অগ্রগতি লৈছিল। কিন্তু চীনৰ উভয় শ্বাটলাৰে চাপৰ মাজতো নিজক সংযত ৰাখি ইণ্ডোনেছিয়াক ভুল কৰিবলৈ বাধ্য কৰে আৰু খিতাপ জয় নিশ্চিত কৰে। ইফালে, ব্ৰঞ্জৰ পদক জয়ী ভাৰতীয় দললৈ ৬ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

Share This