উপগ্ৰহীয় ছবিত ধৰা পৰিল ব্ৰহ্মপুত্ৰক ভেটা দিবলৈ চলোৱা তৎপৰতা, যুদ্ধগতিত চীনে নির্মাণ কৰিছে নদীবান্ধ

dainik janambhumi June 19, 2026

ডিজিটেল ডেস্ক: অসম আৰু অসমীয়াৰ জীৱন-ৰেখা সদৃশ মহাবাহু ব্ৰহ্মপুত্ৰ সংকটৰ গৰাহত। ৰঙা চীনে ব্ৰহ্মপুত্ৰৰ (ইয়াৰলুং ছাংপো) ওপৰত বিশ্বৰ ভিতৰতে সর্ববৃহৎ জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ কাম দ্রুতগতিত আৰম্ভ কৰিছে। 

অৰুণাচল সীমান্তৰ পৰা মাত্র ৫০ কিল'মিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰি থকা বান্ধটোৰ শেহতীয়া তথ্য ভাৰতীয় চোৰাংচোৱা আৰু উপগ্ৰহৰ (ছেটেলাইট) জৰিয়তে লাভ কৰা ছবিৰ পৰা কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। সেই অনুসৰি যোৱা কেইটামান মাহত বান্ধটোৰ নিৰ্মাণৰ কাম যুদ্ধকালীন তৎপৰতাৰে চলি আছে। কৃত্ৰিম উপগ্ৰহৰ পৰা লাভ কৰা ছবিসমূহ বিশ্লেষণত দেখা গৈছে যে প্রকল্পস্থলীত বৃহৎ পৰিসৰত পাহাৰ খনন, সুৰংগ নির্মাণ, সংযোগী পথ নির্মাণ আৰু বিভিন্ন সহায়ক আন্তঃগাঁথনি গঢ়ি তোলাৰ কাম তীব্রগতিত অব্যাহত আছে। 

ভাৰতীয় উপগ্ৰহৰ জৰিয়তে পোৱা এই শেহতীয়া তথ্যই স্পষ্ট কৰি দিছে যে চীনৰ এই উচ্চাকাংক্ষী প্রকল্পটো কাগজে-কলমে সীমাবদ্ধ হৈ থকা নাই, বৰং বাস্তৱায়িত হোৱাৰ দিশে ক্ষিপ্ৰগতিত আগবাঢ়িছে। প্রণিধানযোগ্য যে আজি দেশৰ বহুকেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে চীনৰ এই বান্ধ নিৰ্মাণৰ কথা প্ৰকাশ কৰাৰ পাছতেই জোকাৰণিৰ সৃষ্টি হৈছে। সমগ্র বিষয়টোক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰেও চীনা দূতাবাসৰ সৈতেও যোগাযোগ আৰম্ভ কৰিছে। মন কৰিব লগীয়া কথা যে চীনে ব্রহ্মপুত্ৰত এটা বৃহৎ জলবিদ্যুৎ প্রকল্প নিৰ্মাণ কৰিব বুলি পূৰ্বতেই ঘোষণা কৰিছিল। 

২০২৪ চনৰ ডিচেম্বৰ মাহত বেইজিঙে মেগা বান্ধ নিৰ্মাণৰ বাবে আনুষ্ঠানিকভাবে অনুমোদন জনাইছিল। এই প্ৰকল্পৰ আনুমানিক ব্যয় প্রায় ১৩৭ বিলিয়ন মার্কিন ডলাৰ। অতি স্পৰ্শকাতৰ হিমালয় অঞ্চলৰ টেকটনিক প্লেটৰ সীমাত চীনে নিৰ্মাণ কৰা এই বান্ধটো সম্পূৰ্ণ হ'লে ই বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্প হিচাপে পৰিগণিত হ'ব। এই প্ৰকল্পৰ জৰিয়তে প্রায় ৩০০ বিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰি বছৰি ৩০ কোটি লোকৰ বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। প্রকল্পিত উৎপাদন ইয়াংচে নদীৰ খ্ৰী গৰ্জ বান্ধৰ প্ৰায় তিনি গুণ, যিটো বর্তমান বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্প। অৱশ্যে, চীনৰ মতে এই প্ৰকল্পৰ পৰা ভাৰতৰ কোনো ক্ষতি নহয়। কিন্তু চীনৰ এই আশ্বাসত আশ্বস্ত হ'ব পৰা নাই ভাৰত। কিয়নো ব্ৰহ্মপুত্ৰৰ সৈতে জড়িত হৈ আছে অসম আৰু বাংলাদেশৰ কোটি কোটি লোকৰ জীৱন-জীৱিকা। বিশেষজ্ঞসকলৰ মতে, চীনৰ এই বান্ধৰ ফলত নদীখনত পানীৰ পৰিমাণ ৮৫ শতাংশ পর্যন্ত হ্রাস পাব পাৰে। ফলত ব্ৰহ্মপুত্ৰৰ পানীৰে জীৱন নিৰ্বাহ কৰি থকা অসম আৰু বাংলাদেশৰ কোটি কোটি লোকৰ জীৱন অন্ধকাৰ হৈ পৰিব। আনহাতে, বাৰিষাৰ সময়ত বান্ধৰ অতিৰিক্ত পানী এৰি দিলে অৰুণাচল আৰু অসমত সৃষ্টি হ'ব জলপ্ৰলয়ৰ। কেৱল সেয়াই নহয়, বান্ধ নির্মাণ হ'লে পানীৰ স্বাভাৱিক প্ৰৱাহত ব্যাঘাত জন্মাৰ লগতে পলস বহনৰ স্বাভাৱিক প্রক্রিয়াও বিঘ্নিত হ'ব। যাৰ ফলত ক্ষতি হ'ব পৰিৱেশ তন্ত্ৰৰো। 

উল্লেখযোগ্য যে ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰে ২০২৫ চনৰ জুলাই মাহত চাংহাই চীনৰ সৈতে হোৱা এখন বৈঠকত ব্রহ্মপুত্রত বান্ধ নিৰ্মাণ কৰাৰ বিৰোধিতা কৰিছিল। ইফালে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খান্দুৱে পূর্বে এই প্রকল্পক 'এটা সম্ভাব্য টাইম বম্ব' বুলি অভিহিত কৰি কেন্দ্ৰীয় চৰকাৰক বিষয়টোত সতর্কভাৱে আগবাঢ়িবলৈ আহ্বান জনাইছিল। এনে পৰিস্থিতিত ব্ৰহ্মপুত্ৰৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে ঠেলি দি চীনে শেহতীয়াকৈ অভিলাষী এই প্ৰকল্পৰ কাম ক্ষিপ্ৰ কৰি তোলাটো লক্ষণীয় হৈ পৰিছে।

Share This