'নিউয়র্ক টাইমছ'-এ প্রকাশ কৰিলে উদ্বেগজনক খবৰ, অৰুণাচলৰ সমীপতে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ চীনৰ

dainik janambhumi February 18, 2026

ডিজিটেল ডেস্ক: অৰুণাচল প্ৰদেশ সীমান্তৰ কাষত থকা গোপন ঘাটিসমূহত পাৰমাণৱিক অস্ত্ৰৰ নিৰ্মাণ তথা উন্নয়নৰ কাম কৰি আছে চীনে। দেশখনে অৰুণাচল প্ৰদেশৰ পৰা মাত্ৰ কেইশমান কিল'মিটাৰ আঁতৰত থকা নিজৰ গোপন পাৰমাণৱিক ঘাটিৰ উন্নয়ন তথা সম্প্ৰসাৰণৰ কামো কৰি আছে। 

নিউয়র্ক টাইমছে এই তথ্য সবিস্তাৰে প্ৰকাশ কৰিছে। বাতৰি কাকতখনে প্ৰকাশ কৰা অনুসৰি চীনে অতি গোপনে নিজৰ পাৰমাণৱিক কাৰ্যসূচীৰ প্ৰসাৰ ঘটাইছে আৰু এতিয়া দেশখনৰ পাৰমাণৱিক অস্ত্ৰ সংখ্যা ৬০০টালৈ বৃদ্ধি পাইছে আৰু ২০৩০ টনৰ ভিতৰত দেশখনৰ পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা ১০০০লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সর্বাধিক সংখ্যক পাৰমাণৱিক অস্ত্ৰ তথা দেশৰ তালিকাত এতিয়া ৰাছিয়া আৰু আমেৰিকাৰ পাছতে চীন তৃতীয় স্থানত আছে। 

ইফালে অৰুণাচল প্ৰদেশৰ কাষতে চীনৰ গোপন পাৰমাণৱিক কাৰ্যসূচীয়ে ভাৰতকো উদ্বিগ্ন কৰাটো নিশ্চিত, কিয়নো চীনে প্রায়ে ৰাজ্যখনত নিজৰ বুলি দাবী কৰি আহিছে। বাতৰি কাকতখনত প্ৰকাশ কৰা মতে, কৃত্রিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা ফটোত চীনৰ ছিচুৱান প্ৰদেশৰ পাহাৰ গভীৰতাত এই পাৰমাণৱিক অস্ত্ৰৰ ঘাটি আছে। শেহতীয়াকৈ চীনে এই গোপন ঘাটিৰ সম্প্ৰসাৰণ তথা উন্নীতকৰণৰ কাম কৰি থকাৰ তথ্য লাভ কৰা হৈছে কৃত্রিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা ফটোত। 

উল্লেখযোগ্য যে ছিচুৱান প্রদেশত থকা এই পাৰমাণৱিক ঘাটি অৰুণাচল প্ৰদেশৰ পৰা মাত্র ৮০০ কিল'মিটাৰ আঁতৰত আছে। নিউয়র্ক টাইমছে প্রকাশ কৰা মতে চীনৰ এই গোপন পাৰমাণৱিক ঘাটি স্থাপন কৰা হৈছিল প্রায় ছটা দশকৰ আগতে শীতল যুদ্ধৰ সময়ত। এই পাৰমাণৱিক ঘাটি স্থাপন কৰিছিল সেইসময়ত দেশখনৰ মুৰব্বী মাও ছে তুঙে। মাও ছে তুঙৰ শাসনকালত 'থার্ড ফ্রন্ট' কাৰ্যসূচীৰ অধীনত এই গোপন ঘাটি স্থাপন কৰাৰ কাম আৰম্ভকৰা হৈছিল যাতে প্ৰতিৰক্ষা উদ্যোগৰ সুৰক্ষাৰ দৃষ্টিৰ পৰা দুৰ্বল উপকূলীয় অঞ্চলৰ পৰা আঁতৰাই পাহাৰীয়া অঞ্চললৈ স্থানান্তৰ কৰিব পাৰি। ইয়াৰ উদ্দেশ্য আছিল শত্ৰুৰ চকুত নপৰাকৈ পাহাৰৰ তলত পাৰমাণৱিক কার্যসূচী আগুৱাই নিয়াটো আৰু সেই সময়ত ছোভিয়েট ইউনিয়ন তথা আমেৰিকাৰ পৰা সম্মুখীন হোৱা ভাবুকিৰ পৰা নিজৰ পাৰমাণৱিক কাৰ্যসূচীক সুৰক্ষিত ৰখাটো। ছিচুৱান প্রদেশৰ পাহাৰৰ তলত এই বিশাল পাৰমাণৱিক অস্ত্র গোপন ঘাটি স্থাপন কৰিছিল হাজাৰ হাজাৰ শ্রমিকে। বাতৰি কাকতখনে কৃত্রিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা ফটো বিশ্লেষণ কৰি ছিচুৱানৰ দুটা মূল ঘাটি ক্রমে জিটং আৰু পিংটঙত চলি থকা উন্নয়নমূলক তথা সম্প্ৰসাৰণ কাৰ্যসূচীৰ বিষয়ে বিতংভাৱে প্ৰকাশ কৰিছে। 

জিয়'স্পাচিয়েল বিশেষজ্ঞ ৰেন্নী বাবিয়াৰ্জৰ উদ্ধতি দি বাতৰি কাকতখনে কয় যে চীনৰ বিভিন্ন স্থানত থকা পাৰমাণৱিক ঘাটিসমূহৰ ২০১৯ চনৰ পৰাই উন্নীতকৰণ তথা সম্প্ৰসাৰণৰ কাম কৰি আছে। বিশ্বত চীনে নিজকে ছুপাৰপাৱাৰৰূপে প্রতিষ্ঠা কৰাৰ বাবে নিজৰ পাৰমাণৱিক কাৰ্যসূচী ত্বৰান্বিত কৰে। জিটঙত অভিযন্তাসকলে উপত্যকাটোত কেইবাটাও নতুন বাংকাৰ আৰু ইয়াত সুৰক্ষিত কৰি বিশাল প্ৰাচীৰ নিৰ্মাণ কৰিছে। এই নতুন চৌহদত বিস্তৃতভাৱে পাইপিঙৰ ব্যৱস্থা কৰা হৈছে যাতে বিপজ্জনক সামগ্রীক নিয়ন্ত্ৰণ কৰাত সুবিধা হয়। বিশেষজ্ঞসকলে অনুমান কৰা মতে, এই বাংকাৰসমূহ বিশাল আৰু অতি শক্তিশালী প্রাচীৰেৰে আৱৰা অঞ্চলসমূহ পাৰৰ্মাণৱিক অস্ত্ৰ নিৰ্মণাৰ পৰীক্ষাৰ সময়ত কৰা উচ্চ ক্ষমতাসম্পন্ন বিস্ফোৰণৰ বাবে ব্যৱহাৰ কৰা হয়। এই বাংকাৰ তথা কেন্দ্ৰসমূহ এনেদৰে নিৰ্মাণ কৰা হৈছে যে প্রচণ্ড বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা কম্পন ইয়াতে সীমাবদ্ধ থাকে। এই এলেকাটো বাস্কেটবলৰ দহখন ক'ৰ্টৰ সমান। আনহাতে পিংটং ইয়াতকৈও সুৰক্ষিত। ইয়াত থকা পাৰমাণৱিক ঘাটি প্রায় দুখন সুবিশাল তথা অতি শক্তিশালী প্রাচীৰেৰে আৱৰি ৰখা হৈছে। ইয়াত 'পিট' বুলি কোৱা পাৰমাণৱিক অস্ত্ৰৰ বাবে প্লুটোনিয়াম ভৰোৱা ক'ৰ উৎপাদন কৰা হয়। ইয়াৰ মুখ্য গাঁথনিক প্রায় ৩৬০ ফুট উচ্চতাৰ ভেন্টিলেশ্যন ষ্টেক আছে। শেহতীয়াকৈ কৰা আধুনিকীকৰণৰ সময়ত নতুনকৈ বায়ু নির্গমণ আৰু তাপ উলিয়াই পঠিয়াব পৰা ছিদ্র নির্মাণ কৰা হয়। মূল ভৱনৰ কাষত এতিয়াও অতিৰিক্ত নিৰ্মাণৰ কাম চলি আছে। 

উল্লেখযোগ্য যে চীনৰ গোপন পাৰমাণৱিক ঘাটিসমূহৰ ভিতৰত ছিচুৱান প্ৰদেশৰ পাহাৰৰ তলিত থকা এইটো অন্যতম। চীনে অৰুণাচল প্ৰদেশৰ কাষতে নিজৰ গোপন পাৰমাণৱিক ঘাটিৰ সম্প্ৰসাৰণ তথা উন্নীতকৰণে ভাৰতক নিশ্চিতৰূপত চিন্তিত কৰিব। উল্লেখযোগ্য যে ভাৰত আৰু চীনৰ মাজত দীর্ঘদিন সীমা বিবাদ চলি আছে। ইয়াৰ লগতে চীনে অৰুণাচল প্ৰদেশক নিজৰ বুলি দাবী কৰি আহিছে। এনে অৱস্থাত অৰুণাচল প্ৰদেশৰ কাষতে চীনৰ পাৰমাণবিক অস্ত্ৰ নিৰ্মাণ আৰু ভাণ্ডাৰ গঢ়ি তোলাটো ভাৰতৰ নিৰাপত্তাৰ দিশত ভাবুকি হৈ পৰাৰ আশংকা কৰা হৈছে।

Share This