চীনত এতিয়া তীব্ৰ খাদ্য সংকট! কিন্তু কিয় ?

Kakali Deka August 08, 2023

ডিজিটেল ডেস্ক: যোৱা কেইমাহমানৰ পৰা চীন দেশত একেলগে বহুতো সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰথম, জনসংখ্যা বৃদ্ধিয়ে চীনক অসুবিধাত পেলাইছে । তাৰপিছতেই ঘূৰ্ণীবতাহৰ সন্মুখীন হʼল চীন। এই ঘূৰ্ণীবতাহ ইমানেই ভয়ংকৰ আছিল যে মূহুৰ্তৰ ভিতৰতেই বহুতো চহৰ বানপানীত ডুব গৈছিল। ধুমুহাৰ বাবেই বহুতে নিজৰ ঠাইৰ পৰা স্থান ত্যাগ কৰিছে লগতে ৩০ জনৰো অধিক লোক মৃত্যু মুখত পৰিছে আৰু এই বানপানীৰ ফলতেই উত্তৰ -পূবত থকা চীনৰ আগশাৰীৰ শস্য উৎপাদন হোৱা ঠাই সমূহ সম্পূৰ্ণৰূপে বিধস্ত হৈ যায়। সেইবাবে এতিয়া খাদ্যৰ সংকটত ভুগিব লগা হৈছে চীনে। চীনৰ উত্তৰ-পূবৰ তিনিখন প্ৰদেশ হেইলোংজিয়াং, জিলিন আৰু লিয়াওনিং। এই তিনিখন প্ৰদেশক চীনৰ শস্য ভাণ্ডাৰ বুলি জনা যায়। কিয়নো, এই প্ৰদেশকেইখনৰ কৃষি ভূমি যথেষ্ট উৰ্বৰ। যত চয়াবীন, মাকৈ আৰু চাউল উৎপাদন কৰা হয় । কিন্তু বানপানীৰ বাবে এই তিনিখন প্ৰদেশ যথেষ্ট ক্ষতি সাধন হৈছে।
হেইলোংজিয়াঙৰ ৰাজধানী হাৰ্বিনত ধাৰাসাৰ বৰষুণৰ ফলত ৯০,০০০ হেক্টৰ শস্য ক্ষতিগ্ৰস্ত হৈছে।
যাৰ ফলত এতিয়া চীনত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব। চীনৰ এই পৰিস্থিতিৰ কথা চীনৰ কৃষি মন্ত্ৰালয়ে নিজেই এই কথা স্বীকাৰ কৰিছে । যোৱা বছৰো প্ৰচণ্ড গৰমৰ বাবে ঘেঁহুৰ উৎপাদনো হ্ৰাস পাইছিল আৰু এতিয়া এই বছৰ বানপানীৰ ফলত হ্ৰাস পাইছে শস্য উৎপাদন। ইয়াৰ ফলতেই খাদ্যৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে ৰঙা চীনত।

Share This