ডিজিটেল ডেস্ক : বাংলাদেশৰ কান্ধত বন্দুক থৈ ভাৰত মহাসাগৰত আধিপত্য বিস্তাৰৰ চেষ্টা চলাইছে চীনে। বাংলাদেশৰ দ্বিতীয় বৃহত্তম বন্দৰ মোংলাক লৈ চীনে এটা বৃহৎ অর্থনৈতিক মণ্ডল গঢ়ি তোলাৰ লক্ষ্য লৈছে। ইয়াৰ জৰিয়তে বংগোপসাগৰ আৰু ভাৰত মহাসাগৰত বেইজিঙে নিজৰ স্থিতি অধিক শক্তিশালী কৰাৰ আঁচনি লৈছে।
শেহতীয়াকৈ চীন ভ্রমণ কৰা বাংলাদেশৰ প্রধানমন্ত্ৰী তাৰেক ৰহমান আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত হোৱা বৈঠকত বাংলাদেশৰ মোংলা বন্দৰটোৰ অৰ্থনৈতিক উন্নয়নৰ দায়িত্ব চীনক দিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ লগে লগেই ভাৰত মহাসাগৰত চীনে অধিক আধিপত্য বিস্তাৰৰ সপোনো পূৰণ হোৱাৰ পথত।
ইতিমধ্যে ভাৰত মহাসাগৰীয় অঞ্চলত চীনে পাকিস্তানৰ গাওদাৰ বন্দৰ আৰু পূব আফ্ৰিকাৰ জিবোটিৰ বন্দৰতো বিনিয়োগ কৰি ৰাখিছে। উল্লেখযোগ্য যে বাংলাদেশৰ চট্টগ্রামৰ পাছত মোংলা হৈছে বৃহৎ বন্দৰ। শ্বেইখ হাছিনাৰ শাসন কালত এই বন্দৰৰ উন্নয়নৰ দায়িত্ব ভাৰতক দিয়াৰ সিদ্ধান্ত হৈছিল যদিও মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তী চৰকাৰে ইয়াক বাতিল কৰিছিল।