চন্দ্রত সময় চাবলৈ ঘড়ী নিৰ্মাণ চীনৰ, প্ৰতিৱেশী ৰাষ্ট্ৰখনৰ বিজ্ঞানীৰ চমক

dainik janambhumi January 16, 2026

ডিজিটেল ডেস্ক : প্ৰযুক্তিৰ দ্রুত বিকাশৰ লগে লগে মানুহে মহাকাশৰ ক্ষেত্ৰত নিত্য-নতুন সম্পৰীক্ষা অব্যাহত ৰাখিছে। আমাৰ জোনবাইটোক (চন্দ্র) লৈও গৱেষণাৰ অন্ত নাই। 

এইবাৰ চন্দ্ৰৰ বাবে ঘড়ী নিৰ্মাণ কৰিলে চীনে। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ বিজ্ঞানীসকলে এটা নতুন ছফটৱেৰ বিকশিত কৰিছে, যিয়েই চন্দ্ৰত সঠিক ৰূপত সময় নির্ধাৰণ কৰে। বিজ্ঞানীসকলৰ মতে, পৃথিৱী আৰু চন্দ্ৰত সময় একে গতিত পাৰ নহয়। কাৰণ চন্দ্ৰৰ মাধ্যাকর্ষণ শক্তি পৃথিৱীতকৈ দুর্বল। 

গতিকে পৃথিৱীতকৈ চন্দ্ৰত ঘড়ীবোৰ সামান্য দ্রুতগতিত চলে। মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ সূত্ৰৰ জৰিয়তে এই তথ্য পোৱা গৈছে। গতিকে চন্দ্র অভিযানত পৃথিৱীৰ সময় ব্যৱহাৰ কৰিলে সমস্যাৰ সৃষ্টি হোৱাৰ পূৰামাত্রাই সম্ভাৱনা থাকে। এই বিষয়বোৰৰ ওপৰত লক্ষ্য ৰাখিয়ে চীনে চন্দ্ৰৰ বাবে এটা পৃথক ঘড়ী নির্মাণ কৰি উলিয়াইছে।

Share This