৩০০ কৃত্ৰিম উপগ্ৰহেৰে চীনে নিৰীক্ষণ কৰিছে ছিডনীৰ উপকূলৰ সৰ্ববৃহৎ অনুশীলন

Jyoti Borah August 19, 2023

ডিজিটেল ডেস্কঃ ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াকে ধৰি কোৱাড দেশকেইখনে অষ্ট্ৰেলিয়াৰ ছিডনীৰ উপকূলত বৰ্তমান সৰ্ববৃহৎ সামৰিক অনুশীলন কৰি আছে৷ এই সামৰিক অনুশীলনক লৈ উদ্বিগ্ন হৈ পৰিছে চীন৷ সেয়েহে, যুটীয়া সামৰিক অনুশীলনত চকু ৰখাৰ বাবে চীনে যিমান পাৰি সিমান চেষ্টা কৰি আছে৷  শেহতীয়াকৈ দেশখনে পৃথিৱীৰ নিম্ন কক্ষত থকা ৩০০টা কৃত্ৰিম উপগ্ৰহক কামত লগাইছে সামৰিক অনুশীলনৰ ওপৰত চকু ৰখাৰ কাৰণে৷ বৰ্তমান অষ্ট্ৰেলিয়াৰ ওপৰেৰে চীনৰ তিনি শতাধিক কৃত্ৰিম উপগ্ৰহ উৰি আছে৷ চীনে সামৰিক অনুশীলনৰ প্ৰতিটো পদক্ষেপত সতৰ্কতাৰে দৃষ্টি ৰাখিছে৷ অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ইয়াৰ আগতে তালিছমান ছাবৰে নৌ সামৰিক অনুশীলনৰ সময়তো চীনে এনে ধৰণেৰে চোৰাংচোৱাগিৰি কৰিছিল৷ অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি যোৱা ১০ আগষ্টত মালাবাৰ সামৰিক অনুশীলন আৰম্ভ হোৱাৰ পাছৰে পৰা চীনৰ কেইবা শ সৰু আৰু পৃথিৱীৰ নিম্ন কক্ষপথতথকা কৃত্ৰিম উপগ্ৰহই কেইবা হাজাৰবাৰ অষ্ট্ৰেলিয়া মহাদেশৰ ওপৰেৰে উৰণ সম্পূৰ্ণ কৰিছে৷ অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা কোম্পানী ই অ’এছ স্পেচ ছিষ্টেমৰ এজন বিষয়া জেমছ বেনেটে কয়, ‘চীনৰ ৩০০ কৃত্ৰিম উপগ্ৰহই সামৰিক অনুশীলনৰ ওপৰত চকু ৰাখিছে৷ মালাবাৰ অনুশীলন আৰম্ভ হোৱাৰ পাছৰে পৰা ছিডনী বন্দৰৰ ওপৰেৰে এই কৃত্ৰিম উপগ্ৰহবোৰে তিনি হাজাৰবাৰ উৰণ সম্পন্ন কৰিছে৷ উল্লেখযোগ্য যে মালাবাৰ সামৰিক অনুশীলন ২১ আগষ্টত অন্ত পৰিব৷ অষ্ট্ৰেলিয়াৰ কোম্পানীটোৱে দূৰবীণৰ জৰিয়তে চীনৰ কৃত্ৰিম উপগ্ৰহবোৰ ধৰা পেলাইছে৷ উল্লেখযোগ্য যে চীনে অলপতে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশত চকু ৰখাৰ কাৰণে বৃহৎ সংখ্যক কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছিল৷  
 

Share This