মধ্যপ্রাচ্যৰ যুদ্ধক লৈ দ্বিধাবিভক্ত বিশ্ব, খামেনেইৰ হত্যাক গৰিহণা চীন-ৰাছিয়াৰ

dainik janambhumi March 02, 2026

ডিজিটেল ডেস্ক: আমেৰিকা আৰু ইজৰাইলৰ সৈতে ইৰানৰ যুদ্ধখন গভীৰ হৈ পৰাৰ লগে লগে বিশ্বৰ দেশসমূহৰ মাজত কূটনৈতিক বিভাজন স্পষ্ট হৈ পৰিছে। ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইক হত্যা কৰাৰ পাছত বিশ্বৰ বিভিন্ন দেশে নিজৰ নিজৰ কূটনৈতিক স্থিতি প্রকাশ কৰিছে। কিছুমান দেশে ইৰানৰ পক্ষ লৈছে, কিছুমান দেশে ইজৰাইল-আমেৰিকাৰ পক্ষত নিজৰ স্থিতি ঘোষণা কৰিছে। কিন্তু কিছুমান দেশে নিৰপেক্ষ স্থিতিৰে সুবিধাজনক কূটনৈতিক সম্পর্ক বজাই ৰাখিবলৈ প্ৰচেষ্টা কৰিছে। 

ইজৰাইল-আমেৰিকাৰ যৌথ শক্তিয়ে ইৰানৰ সৰ্বোচ্চ নেতা খামেনেইক হত্যা কৰাৰ পাছত ৰাছিয়াই মুকলিকৈ ইৰানৰ পক্ষত থিয় দিছে। ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতে জৰুৰী বাৰ্তালাপ কৰে। খামেনেইৰ হত্যাক 'নিষ্ঠুৰ আক্ৰমণ'ৰ পৰিণতি আখ্যা দিয়ে পুটিনে। খামেনেইৰ হত্যাকাৰী শক্তিবোৰে মানৱীয় নৈতিকতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ সকলো বিধি উলংঘা কৰিছে বুলি ৰুছ ৰাষ্ট্ৰপতিজনে অভিযোগ কৰে। 

ইৰানৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ ক্ষেত্ৰত ৰাছিয়া সদায় তেহৰানৰ পক্ষত থিয় দিব বুলি পুটিনে ঘোষণা কৰে। আনহাতে, ইৰানী ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে কয় যে ইৰানে খামেনেই-হত্যাৰ চৰম প্ৰতিশোধ ল'ব। বিশ্বৰ সমগ্ৰ মুছলমান সম্প্ৰদায়ৰ বাবে এয়া এক যুদ্ধ বুলিও ইৰানী ৰাষ্ট্ৰপতিজনে কয়। বিশ্বৰ সমগ্র ইছলামিক দেশবোৰৰ বাবে এয়া এক পৰীক্ষাৰ সময় বুলি পেজেস্কিয়ানে মন্তব্য কৰে। আনহাতে, খামেনেইৰ হত্যাক চীনেও তীব্ৰ গৰিহণা দিয়ে। চীনা ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ উদ্ধৃতি দি বেইজিঙৰ চৰকাৰী সূত্ৰই কয় যে খামেনেইক হত্যা কৰাটো ইৰানৰ সাৰ্বভৌমত্বৰ গুৰুতৰ উলংঘন। 

আনহাতে, চীনৰ বৈদেশিক পৰিক্ৰমা ম্যালয়ে কয় যে ইৰানত ইজৰাইল-আমেৰিকাৰ আক্রমণ চীনে দৃঢ়তাৰে বিৰোধিতা কৰিছে আৰু কঠোৰ ভাষাৰে গৰিহণা দিছে। ইজৰাইল-আমেৰিকাৰ আগ্রাসনক তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ আহ্বান জনায় চীনে। চীনৰ বিদেশ মন্ত্ৰী ৱাংয়ীৱে ফ'নযোগে ৰুছ বিদেশ মন্ত্ৰী লাভৰভৰে বাৰ্তালাপ কৰি কয় যে ইৰানত আক্ৰমণ কৰি ইজৰাইল-আমেৰিকাই এজন সর্বোচ্চ নেতাক হত্যা কৰাটো 'অগ্রহণযোগ্য'। তদুপৰি, ইৰানৰ শাসন ব্যৱস্থাক সলনি কৰিবলৈ দুয়োখন দেশে চলোৱা প্রচেষ্টা 'ধিক্কাৰযোগ্য' বুলিও মন্তব্য কৰে চীনা বিদেশ মন্ত্রীজনে। 

মধ্য প্রাচ্যৰ উত্তেজনাক লৈ চীন যথেষ্ট উদ্বিগ্ন বুলি বাংয়ীৱে মন্তব্য কৰে। ইফালে, খামেনেইৰ হত্যাক লৈবেইজিং আৰু মস্কোৰ উপৰি বিভিন্ন দেশ-ৰাষ্ট্ৰ গোটে প্রতিক্রিয়া প্রকাশ কৰিছে। পোপ লিঅ'ই (চতুর্দশ) বিশ্বত এই হিংসা-হত্যালীলা বন্ধ কৰাৰ বাবে আহ্বান জনাইছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এই আক্রমণক সমৰ্থন কৰি কয় যে এই আক্রমণে ইৰানবাসীক তেওঁলোকৰ দেশখনক নিজৰ হাতলৈ ঘূৰাই অনাৰ ক্ষেত্রত বৃহৎ সুযোগ প্রদান কৰিব। তেহৰানক এই আক্ৰমণৰ প্ৰত্যাক্ৰমণ নকৰিবলৈ কঠোৰ ভাষাৰে সকীয়াই দিয়ে ৰাষ্ট্ৰপতি ট্রাম্পে। 

কানাডাৰ প্রধানমন্ত্রী মার্ক কার্নিয়ে কয় যে ইজৰাইল-আমেৰিকাই খামেনেইক হত্যা কৰি বিশ্বক পাৰমাণৱিক ভাবুকিৰ পৰা ৰক্ষা কৰিলে। আনহাতে, উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জন উনে কয় যে ইৰানত ইজৰাইল-আমেৰিকাৰ আক্ৰমণ অবৈধ। এয়া হৈছে ইৰানৰ ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ প্ৰতি আগ্ৰাসন। উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিজনে ইজৰাইল-আমেৰিকাৰ এই আগ্রাসনক ততালিকে বন্ধ কৰিবলৈ সকীয়নি দিয়ে।

Share This