ডিজিটেল ডেস্ক: পুনৰ জটিলতাৰ দিশে ভাৰত-চীন দ্বিপাক্ষিক সম্পর্ক ভাৰত-চীনৰ মাজত দ্বিপাক্ষিক সম্পর্ক যোৱা কেইটামান মাহত সামান্য উন্নত হৈছিল যদিও চীনৰ সীমা-কেন্দ্রিক কিছু নেতিবাচক কর্ম-কাণ্ডই সম্পৰ্কটোক পুনৰ জটিলতাৰ দিশলৈ লৈ গৈছে। অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইক নিজৰ মেপত সুমুৱাই ইয়াৰ নাম সলনি কৰিবলৈ বৃথা চেষ্টা কৰা চীনে এইবাৰ ভাৰতৰ অবিচ্ছেদ্য অংগ আকচাই চীনত প্রশাসনিক জিলা স্থাপন কৰিছে।
উল্লেখযোগ্য যে ভাৰতৰ ক্ষেত্ৰ আকচাই চীন দীর্ঘদিন ধৰি চীনে বেদখল কৰি ৰাখিছে। শেহতীয়াকৈ উক্ত ভাৰতীয় ভূখণ্ডত চীনে প্রশাসনিক জিলা স্থাপন কৰা কাৰ্যক ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ে গৰিহণা দিয়াৰ লগতে এনে কাৰ্যৰ পৰা বিৰত থকাৰ বাবে চীনক সকীয়নি প্রদান কৰিছে। বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে চীনে এনে কাৰ্যৰে সত্যক সলাব নোৱাৰে। দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পর্ক ভাল হোৱাৰ দিশত আগবঢ়াৰ মাজতে চীনৰ এনে কাৰ্যই পৰিস্থিতি উত্তপ্ত কৰি তুলিব পাৰে বুলিও জয়ছোৱালে সকীয়াই দিয়ে।
তথ্য অনুসৰি চীনৰ জিনজিয়াং উইয়ুৰ স্বায়ত্তশাসিত অঞ্চল কর্তৃপক্ষই কিছুদিন পূর্বে আকচাইচীনত 'ছানলিং জিলা' গঠনৰ কথা ঘোষণা কৰে। এই অঞ্চলটো দখলীকৃত কাশ্মীৰ আৰু আফগানিস্তানৰ ওচৰত থকা এটা কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চল। ই চীন-ভাৰতৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষতেই অৱস্থিত।
জিনজিয়াঙত এইখন হৈছে চীনৰ এবছৰৰ ভিতৰত গঠন কৰা তৃতীয়খন প্রশাসনিক জিলা। মধ্যপ্রাচ্যত ইৰান আমেৰিকাৰ যুদ্ধৰ মাজতে ভাৰত-চীন সীমান্তত চীনৰ কাম-কাজে দেশ দুখনৰ মাজত পৰিস্থিতি উত্তপ্ত কৰি তুলিছে। পুনৰ সংঘাত সৃষ্টি হ'ব পৰা যিকোনো ধৰণৰ কাম-কাজৰ পৰা বিৰত থাকিবলৈ ভাৰত চৰকাৰে চীনক কঠোৰ সকীয়নি প্ৰদান কৰাৰ লগতে আকচাইচীন ভাৰতৰ সাৰ্বভৌম অংগ বুলি প্রকাশ কৰিছে।