টাকচিঙৰ 'এন এ এইচ ৱেলফেয়াৰ ছ'চাইটি'য়ে দিলে ফটোসহ তথ্য, অৰুণাচলত চীনৰ সামৰিক শিবিৰ!

dainik janambhumi June 28, 2026

ডিজিটেল ডেস্ক : ভাৰত-চীন সীমান্তত চীনে ইয়াৰলুং ছাংপোত সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ অগ্রগতিয়ে তোলপাৰ লগোৱাৰ সময়তে এইবাৰ ভাৰতীয় ভূ-খণ্ডত চীনৰ সেনাই অনুপ্ৰৱেশ কৰি সামৰিক শিবিৰ স্থাপনৰ লগতে আন আন নিৰ্মাণকাৰ্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এন এ এইচ বেলফেয়াৰ ছ'চাইটিয়ে। 

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ ভাৰত-চীন সীমান্তৰ অত্যন্ত দুর্গম অঞ্চল টাকচিংস্থিত এটা সামাজিক সংগঠন এন এ এইচ বেলফেয়াৰ ছ'চাইটিয়ে নিজাববীয়াকৈ কৰা অনুসন্ধানত এই কথা পোহৰলৈ আনি আপাৰ সোৱণশিৰি জিলাৰ উপায়ুক্তক শুকুৰবাৰে এখন স্মাৰক-পত্ৰযোগে এই কথা জানিবলৈ দি ইয়াৰ এক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায়। 

স্মাৰক-পত্ৰত উল্লেখ কৰিছে যে জিলাখনৰ চীন সীমান্তৰ ভাৰত ভূ-খণ্ডত চীনৰ পিপ'লছ লিবাৰেশ্যন আৰ্মী অর্থাৎ পি এল এয়ে দ্রুতগতিত অনুপ্ৰৱেশ কৰি সামৰিক শিবিৰ স্থাপন কৰাৰ লগতে পথ, দলং আদি নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। সংগঠনটোৰ সভাপতি কেৰু চাডাৰে স্বাক্ষৰ কৰা পত্ৰখনত অয়িং (২৪৪৫), আছাফিলা অঞ্চল, চুজাৰ্টা অঞ্চলৰ পানিয়াৰ, মাৰপান (মাৰনাফে), পট্টাং হ্রদ আৰু টিণ্ডিংটাং আদি পাঁচটা স্থানৰ উল্লেখ কৰি কৈছে যে এই অঞ্চলসমূহ ২০২০ চনৰ পূৰ্বে ভাৰতীয়ৰ নিয়ন্ত্ৰণত আছিল। ইয়াৰে কেইবাটাও স্থান সাৰি (Tsari) অঞ্চলৰ পৱিত্ৰ তীৰ্থস্থান বুলিও পত্ৰখনত উল্লেখ কৰিছে। স্মাৰক-পত্ৰত এই অভিযোগে কৰিছে যে স্থানীয় লোকসকলে বহু প্রজন্ম ধৰি ব্যৱহাৰ কৰি অহা চিকাৰ ক্ষেত্ৰ আৰু গৰু-ম'হ চৰোৱা ভূমি এতিয়া পি এল এৰ দখললৈ গৈছে। 

বিগত পাঁচ বছৰত এই অঞ্চলসমূহত চীনৰ সেনাই পথ, দলং আৰু সামৰিক শিবিৰকে ধৰি বিভিন্ন আন্তঃগাঁথনি গঢ়ি তুলিছে বুলিও সংগঠনটোৱে দাবী কৰিছে। পত্ৰখনত কেৰু চাডাৰে লিখিছে, 'আমি দিনে দিনে ইঞ্চি ইঞ্চিকৈ নিজৰ ভূমি হেৰুৱাই আছোঁ। টাকচিং অঞ্চলত পি এল এই যি গতিত নিজৰ কাৰ্যকলাপ সম্প্ৰসাৰণ কৰিছে, সেয়া আমাৰ বাবে অত্যন্ত উদ্বেগজনক।' সংগঠনটোৱে লগতে অভিযোগ কৰিছে যে চীন চৰকাৰে সীমান্ত অঞ্চলত নতুন নতুন কৌশলগত স্থান দখল কৰি নিজৰ নিয়ন্ত্ৰণ বিস্তাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। এই বিষয়টো অতি শীঘ্ৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে সংগঠনটোৱে জিলা প্ৰশাসনক আহ্বান জনাইছে। ভাৰতীয় সেনা বাহিনীৰ প্রতি পূর্ণ আস্থা প্রকাশ কৰাৰ লগতে পত্ৰখনত উল্লেখ কৰিছে যে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত বৰ্তমানৰ ব্যৱস্থা পর্যাপ্ত নহয়। 

ভাৰতীয় সেনাই দীৰ্ঘদিন ধৰি ভাৰতৰ ভূমি সুৰক্ষিত কৰি আহিছে, কিন্তু বৰ্তমানৰ পৰিস্থিতিত অধিক ফলপ্রসূ পদক্ষেপৰ প্ৰয়োজন বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। সংগঠনটোৱে তেওঁলোকে কৰা অভিযোগসমূহৰ সমৰ্থনত কেইবাখনো আলোকচিত্রও সংলগ্ন কৰি ঘটনাটোৰ সন্দৰ্ভত জৰুৰী ভিত্তিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। প্রণিধানযোগ্য যে পত্রখনত উল্লেখ থকা আছাফিলা টাকচিঙৰ পশ্চিমে অৱস্থিত। ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ৰ পৰাই এই অঞ্চল সংবেদনশীল। বহু বছৰ ধৰি এই অঞ্চলত উভয় দেশৰ সেনাই টহল দি থাকে। এটা কথা অতি স্পষ্ট যে চীনে ভাৰতৰ দিশে থকা নিজৰ সীমাৰ মূৰলৈকে পকী পথ, সামৰিক ঘাটি, সংযোগ পথ, বিমান ঘাটি নির্মাণ কৰি আহিছে।

Share This