চীনৰ পেলনীয়া সামগ্ৰী আমেৰিকাত বিক্ৰী কৰাৰ অভিযোগ 

dainik janambhumi April 23, 2025

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ড'নাল্ড ট্রাম্প প্রশাসনে বিভিন্ন দেশৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপৰ ধাৰা অব্যাহত ৰাখি শেহতীয়াকৈ দক্ষিণ পূব এছিয়াৰ চাৰিখন দেশৰ সামগ্ৰীৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰিছে।

দক্ষিণ-পূব এছিয়াৰ কম্বোডিয়া, ভিয়েটনাম, মালয়েছিয়া আৰু থাইলেণ্ডৰ সৌৰশক্তিৰ সামগ্ৰীৰ ওপৰত ৩,৫২১ শতাংশ শুল্ক আৰোপ কৰিছে ট্রাম্প প্রশাসনে। দক্ষিণ-পূব এছিয়াৰ এই চাৰিখন দেশে চীনৰ পৰা সাহায্য লাভ কৰি মার্কিন বজাৰত সস্তীয়া সামগ্ৰীসমূহ বিক্ৰী কৰি আছেবুলি এটা তদন্তত প্রকাশ পোৱাৰ পাছতেই ট্রাম্প প্রশাসনে সোমবাৰে এই শুল্ক আৰোপৰ কথা ঘোষণা কৰে।

আমেৰিকাৰ বাণিজ্য বিভাগে বছৰজোৰা চলোৱা তদন্তৰ পাছত পোহৰলৈ আহিছিল যে চীনৰ কোম্পানীসমূহে এই দেশকেইখনত সৌৰ চে'ল আৰু পেনেলসমূহ পেলাই ৰাখি আমেৰিকাত নিম্ন দৰত বিক্ৰী কৰি আহিছিল। তদুপৰি, ট্রাম্প প্রশাসনৰ শুল্কৰ পৰা হাত সাৰিবলৈ শেহতীয়াকৈ-দক্ষিণ-পূব এছিয়াৰ এই চাৰিখন দেশত বাণিজ্য অভিযান তীব্ৰতৰ কৰিছিল।

Share This