ডিজিটেল ডেস্কঃ চীনে নিজৰ শত্রু দেশৰ লোকক ভোকে মৰাৰ ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য পোহৰলৈ আহিছে। দেশখনে এনে ধৰণৰ ভেঁকুৰ বিকশিত কৰিছে যি শত্রু দেশৰ খেতিপথাৰ উছন কৰি পেলাব। ফলত আকালৰ সৃষ্টি হৈ মানুহ মৃত্যুমুখত পৰিব। চীনৰ এই ষড়যন্ত্র ফাদিল হৈছে আমেৰিকাৰ মিচিগানত তদন্তকাৰী সংস্থা এফ বি আয়ে চীনৰ এগৰাকী বিজ্ঞানীক গ্ৰেপ্তাৰ কৰাৰ পাছত।
চীনৰ এই বিজ্ঞানীগৰাকীয়ে তেওঁৰ প্ৰেমিকাৰ 'সৈতে মিলি অতি গোপনে বিষাক্ত ভেঁকুৰ মিচিগানৰ গৱেষণাগাৰলৈ নি অধিক শক্তিশাৰী ৰূপ দি খেতিপথাৰত মেলি দিয়াৰ ষড়যন্ত্র কৰিছিল। এই সম্পৰ্কত এফ বি আয়ে চীনৰ নাগৰিক জুনয়োং লিয়ু আৰু মুনকিং জিয়ানক মিচিগানৰ পৰা গ্ৰেপ্তাৰ কৰে। জুনয়োৱে গোপনে আমেৰিকালৈ অনা এই ভেঁকুৰ বিধৰ নাম হ'ল ফুছাৰিয়াম গ্রেমিনিৰাম।
এই ভেঁকুৰ বিধে শস্যৰ ৰোগ সৃষ্টি কৰি এইবিলাক নষ্ট কৰি পেলায়। ইয়াক কৃষি সন্ত্রাসবাদৰ অস্ত্ৰৰূপে ব্যৱহাৰ কৰা হয়। এই ভেঁকুৰ বিধে শস্যৰ গছৰ পাত হালধীয়া কৰি পেলায় আৰু তাৰ পাছত গছ মৰি যায়। আনহাতে এই ভেঁকুৰ বিধে বিহৰো সৃষ্টি কৰে। ইয়াৰ ভিতৰত আটাইতকৈ ভয়াৱহ হ'ল ভমিটক্সিন। ভমিটক্সিনে মানুহ আৰু জন্তুৰ পেটৰ অসুখ, যকৃতৰ ৰোগ আদিৰ সৃষ্টি কৰে। বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে এই জৈৱিক আক্ৰমণৰ ষড়যন্ত্র প্রত্যক্ষভাৱে মানুহৰ ওপৰত কৰা নাছিল। খাদ্য সুৰক্ষাক লক্ষ্য কৰি লোৱা হৈছিল। এফ বি আয়ে প্রকাশ কৰা মতে গ্ৰেপ্তাৰ কৰা ব্যক্তি দুগৰাকীৰ ভিতৰত এগৰাকী চীনৰ কমিউনিষ্ট পাৰ্টিৰ সৈতে সম্পর্ক আছে। তেওঁলোকৰ প্রধান উদ্দেশ্য আমেৰিকাৰ কৃষিৰ গাঁথনিক বিধ্বস্ত কৰা বুলি এফ বি আয়ে প্রকাশ কৰে।