ডিজিটেল ডেস্ক : আমেৰিকা আৰু চীনৰ মাজত প্রযুক্তি যুদ্ধই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ২০২০ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নির্বাচনত বিশ্বৰ অন্যতম শক্তিধৰ দেশ চীনে ভোটাৰৰ তথ্য চুৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থাপন কৰিছে খোদ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। ৰাষ্ট্ৰপতি ট্রাম্পে প্রকাশ কৰিছে যে ২০২০ চনৰ দেশখনৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত চীনে বৃহৎ 'নির্বাচনী প্ৰৱঞ্চনা' কৰিছিল। ট্রাম্পে কয় যে আমেৰিকাৰ ২২ কোটি ভোটাৰৰ তথ্য চুৰ কৰিছিল বেইজিঙে। আমেৰিকাৰ ১৮খন প্ৰদেশৰ ভোটাৰৰ তথ্য হয় হেক কৰা হৈছিল নতুবা অন্য উপায়েৰে চুৰ কৰা হৈছিল বুলি মার্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে হোৱাইট হাউছৰ পৰা বৃহস্পতিবাৰে সন্ধিয়া এটা টেলিভিছনৰ অনুষ্ঠানত অভিযোগ কৰে। চীনে চুৰ কৰা ভোটাৰৰ তথ্যসমূহত ভোটাৰৰ নাম, ঘৰৰ ঠিকনা, ফ'ন নম্বৰ, কোনটো ৰাজনৈতিক দলৰে জড়িত আৰু ভোটাৰ পঞ্জীয়নৰ সবিশেষো আছিল বুলি প্রকাশ কৰে। ইফালে, আমেৰিকাৰ নির্বাচন পদ্ধতি হেক কৰিব পৰাকৈ অতি দুর্বল বুলিও ট্রাম্পে সমালোচনা কৰে।
তেওঁ কয় যে ২০২০ চনৰ নিৰ্বাচন সম্পর্কত শেহতীয়াকৈ প্ৰকাশ পোৱা চোৰাংচোৱাৰ তথ্যসমূহত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ দুৰ্বলতা ওলাই পৰিছে। নিৰ্বাচনত ব্যৱহৃত ইলেক্ট্রনিক ভোটিং মেচিন (ই ভি এম) সমূহ অতি দুর্বল আৰু সহজেই বিকৃত কৰিব পৰা যায়। নির্বাচনী নিৰাপত্তা সম্পকীয় ভাষণত ট্রাম্পে কয় যে ২০২০ চনৰ নিৰ্বাচন সম্পর্কীয় তথ্যসমূহ মুকলি হোৱাৰ পাছতেই বৃহৎ ত্রুটী ধৰা পৰিছে। দেশৰ চোৰাংচোৱা সংস্থা চি আই এ, এফ বি আই আদিয়েও এই নির্বাচনী প্ৰৱঞ্চনাৰ বিষয়ে জানিছিল বুলি ট্রাম্পে কয়। ট্রাম্পৰ অভিযোগসমূহৰ ভিতৰত আছে দেশখনৰ নিৰ্বাচনত নাগৰিকত্ববিহীন ২.৭৮ লাখ ভোটাৰ চিনাক্ত কৰা হৈছিল। তদুপৰি, দেশখনৰ ভোটিং মেচিন, ভোটাৰৰ তথ্য আৰু বেলট ব্যবস্থা বুলি তেওঁ কয়। বিশেষকৈ ৰাছিয়া, চীন, ইৰান, উত্তৰ কোৰিয়া আদি দেশে আমেৰিকাৰ ভোটাৰৰ তথ্য চুৰ কৰিব পৰাকৈ সক্ষম বুলি ট্রাম্পে কয়। ট্রাম্পৰ এই অভিযোগসমূহক লৈ নিজ দেশতেই বিতৰ্কৰ সূত্রপাত হৈছে।
নিউয়র্ক টাইমছৰ তথ্য অনুসৰি ট্রাম্পে স্বতন্ত্রভাবে সত্যাসত্য নিৰূপণ নকৰাকৈয়ে তথ্যসমূহ প্রকাশ কৰিছে। ইফালে, ২০২০ চনৰ মার্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত হস্তক্ষেপৰ অভিযোগ পোনছাটেই নাকচ কৰিছে চীনে। আমেৰিকাত চীনৰ ৰাষ্ট্ৰদূত লিউ চাঙে কয় যে চীনে কেতিয়াও আন দেশৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰে। আমেৰিকাৰ বাষ্ট্রপতি নির্বাচন আমেৰিকাৰ অভ্যন্তৰীণ বিষয় বুলিও তেওঁ প্রকাশ কৰে। উল্লেখযোগ্য যে ২০২০ চনৰ মার্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত জ' বাইডেনৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল ড'নাল্ড ট্রাম্প।