ডিজিটেল ডেস্ক : দ্বিতীয় বিশ্ব যুদ্ধত জাপানৰ পৰাজয়ৰ ৮০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বুধবাৰে ইয়াত আয়োজন কৰা বিজয় দিৱসত বিশাল পেৰেডেৰে শক্তি প্ৰদৰ্শন কৰে চীনে। পেৰেডত চীনে নিজৰ অতি আক্রমণাত্মক তথা শক্তিশালী অস্ত্ৰৰ প্ৰদৰ্শন কৰে। টিয়ানমেন স্কোৱাৰত হোৱা পেৰেডত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জন ঊনক কাষত লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক তেওঁৰ নাম নোলোৱাকৈ কঠোৰভাৱে সকীয়াই দিয়ে। বিশ্বৰ ২৬খন দেশৰ নেতা উপস্থিত থকা পেৰেডত দিয়া ভাষণত জিনপিঙে ট্রাম্পৰ নাম উল্লেখ নকৰাকৈ কয় যে বিশ্বত কাৰো দাদাগিৰি নচলিব। তেওঁ ৰাষ্ট্ৰপতি ট্রাম্পলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰি কয়, বিশ্ব সদ্ভাৱেৰেহে চলে, কাৰো দাদাগিৰিত নহয়। চীনে কাকো ভয় নকৰে আৰু সদায় আগবাঢ়ি গৈ থাকিব। জিনপিঙে কয় যে মানুহ একেটা গ্রহতে বাস কৰে আৰু সেয়েহে সকলোৱে মিলিজুলি কাম কৰিব লাগে আৰু মিলিজুলি শান্তিৰে বাস কৰিব লাগে। চীনৰ ৰাষ্ট্ৰপতিজনে কয়, 'এই পৃথিৱীলৈ পুনৰ জংঘলৰাজ উভতি আহিব নালাগে, য'ত সৰু আৰু দুৰ্বল দেশবোৰক ডাঙৰ দেশবোৰে ডাবি-ধমকি দি দাদাগিৰি চলাই থাকে। আমি শান্তিৰে আগবঢ়াৰ পথ অনুসৰণ কৰিব লাগে আৰু বিশ্বত শান্তি তথা সৌহার্দ্যৰ পৰিৱেশ ৰক্ষা কৰা উচিত। মানৱতাই শান্তি বা যুদ্ধ, আলোচনা বা সংঘাত আৰু সকলোৰে লাভ বা লোকচানৰ মাজৰ পথ বাছি উলিয়াব লাগিব।'
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে বিশ্বত শুল্কক লৈ দেখুওৱা দম্ভালি তথা বিশ্বত আমেৰিকাৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চলোৱা প্ৰচেষ্টাৰ প্ৰত্যুত্তৰ দি জিনপিঙে এনেদৰে কয়। সামৰিক পেৰেডত দিয়া ভাষণত জিনপিঙে কয় যে চীনৰ পুনৰনিৰ্মাণ পূর্ণ গতিত অব্যাহত থাকিব আৰু পি এল এক বিশ্বৰ শ্ৰেষ্ঠ সামৰিক শক্তিৰূপে গঢ়ি তোলাৰ লক্ষ্য হ'ব। দ্বিতীয় বিশ্ব যুদ্ধত জাপানৰ বিৰুদ্ধে চীনৰ জয়ক আধুনিক যুগত বিদেশী আক্ৰমণৰ বিৰুদ্ধে প্রথম পূর্ণ বিজয় বুলি উল্লেখ কৰি তেওঁ চীনৰ কমিউনিষ্ট পার্টিৰ নেতৃত্বত ৰাষ্ট্ৰীয় একতাৰ বাবেই এয়া সম্ভৱ হোৱা বুলি প্রকাশ কৰে। জিনপিঙে পুটিন আৰু কিমৰ সৈতে একেশাৰীত থিয় হৈ কয়, 'যেতিয়া সকলো দেশে পৰস্পৰৰ সমান সমান ব্যৱহাৰ কৰিব আৰু সহযোগিতা অব্যাহত ৰাখিব, তেতিয়াহে যুদ্ধক পুলিয়ে-পোখাই নির্মূল কৰিব পৰা যাব।' চীন শান্তি আৰু মানৱ প্ৰগতিৰ পক্ষত থকা বুলি তেওঁ কয়। পেৰেডত পুটিন আৰু কিমৰ উপৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰিফ, ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান আদিও উপস্থিত আছিল।
উল্লেখযোগ্য যে কালি বিজয় দিৱসৰ এই ঐতিহাসিক পেৰেডত ভালেমান নতুন আৰু উন্নত অস্ত্র প্রণালী প্রদর্শন কৰা হয়। ইয়াৰ ভিতৰত ২০ হাজাৰ কিল'মিটাৰতকৈ অধিক দূৰত্বৰ লক্ষ্যভেদী ক্ষমতা থকা ডি এফ-৫চি আন্তঃমহাদেশীয় পাৰমাণৱিক ক্ষেপণাস্ত্র, ৫ হাজাৰ কিল'মিটাৰৰ লক্ষ্যভেদী ক্ষমতা থকা ডি এফ-২৬ ডি জাহাজ বিধ্বংসী বেলেষ্টিক ক্ষেপণাস্ত্র, অত্যাধুনিক ক্রুজ ক্ষেপণাস্ত্র, বোমাবর্ষক বিমান, এ কিউ এছ ০০৩একে, জি জে-১১ লয়েল উইংমেনকে ধৰি সেনা আৰু নৌ সেনাৰ ড্ৰন প্রণালী, চি জে-১০০০ হাইপাৰছনিক ক্রুজ মিছাইল, এইচ কিউ-২০ এয়াৰ ডিফেন্স ছিষ্টেম, এইচ কিউ-২৯ এন্টি বেলেষ্টিক ইণ্টাৰচেপ্টৰ, ৱাই জে-১৫, বাই জে-১৯ আৰু ৱাই জে-২০ ক্ষেপণাস্ত্র আদি প্রদর্শন কৰা হয়। বিশেষজ্ঞসকলৰ মতে চীনৰ এই পেৰেড কেৱল শক্তি প্রদর্শনেই নহয়, আমেৰিকা আৰু তেওঁলোকৰ সহযোগীসকলৰ বাবে এক স্পষ্ট বার্তা বুলি কোৱা হৈছে। ইয়াৰ জৰিয়তে চীনে বিশ্বলৈ এই বাৰ্তা প্ৰেৰণ কৰে যে চীনে এতিয়া বিশ্বত প্রভাৱ তথা প্রভুত্ব খটুৱাব পৰা ক্ষমতা লাভ কৰিছে। পুটিন, কিমৰ উপৰি পেজেস্কিয়ান, উজবেকিস্তান, বেলাৰুছৰ ৰাষ্ট্ৰপতিকে ধৰি পেৰেডত উপস্থিত থকা অধিকাংশ নেতাই আমেৰিকা বিৰোধী বুলি জনা যায়।