ডিজিটেল ডেস্কঃ চীনৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ আমেৰিকাৰ ড'নাল্ড ট্রাম্প প্রশাসনক দাবী জনাইছে দেশখনৰ একাংশ বিশেষজ্ঞই। উল্লেখযোগ্য যে অলপতে চীনৰ দুগৰাকী নাগৰিকে আমেৰিকাৰ খেতিপথাৰ উছন কৰাৰ লক্ষ্যৰে দেশখনলৈ বিষাক্ত ভেঁকুৰ গোপনে অনাৰ তথ্য ফাদিল হৈছিল।
ইয়াৰ পাছত এতিয়া বিশেষজ্ঞসকলে এইবুলি সতর্কবাণী শুনাইছে যে যদিহে এই বিষয়টোক লৈ আমেৰিকাই এতিয়াই উপযুক্ত ব্যৱস্থা গ্রহণ নকৰে, তেতিয়া দেশখন কৰ'নাতকৈও ভয়াৱহ পৰিস্থিতিৰ সম্মুখীন হ'ব।
উল্লেখযোগ্য যে কেইদিনমানৰ আগতে চীনৰ পৰা গোপনে আমেৰিকালৈ এবিধ অতি বিষাক্ত ভেঁকুৰ সৰবৰাহ কৰাৰ অভিযোগত য়ুনকিং জিয়ান আৰু জুনয়োং লিয়ু নামৰ দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। চীনৰ নাগৰিক দুগৰাকীৰ বিৰুদ্ধে বিষাক্ত ভেঁকুৰ গোপনে আমেৰিকালৈ অনা, মিছা স্বীকাৰোক্তি দিয়া আৰু ভিছা জালিয়াতি কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছিল। চীনৰ কমিউনিষ্ট পাৰ্টিৰ কাম-কাজক বিশ্লেষণ কৰি থকা এজন আগশাৰীৰ বিশ্লেষক গর্ডন জি চাঙে কয় যে ই হ'ল আমেৰিকাত চীনৰ কৃষি আক্ৰমণ। তেওঁ ফক্স নিউজক দিয়া এটা সাক্ষাৎকাৰত এইবুলি সতর্ক কৰি দিয়ে যে এই চক্রান্তই কিছুমান গভীৰ বিষয়ৰ ইংগিত দিছে। ই চীনে আমেৰিকাক ভিতৰৰ পৰা অস্থিৰ কৰাৰ এক গোপন অভিযান হ'ব পাৰে।
ইয়াক প্ৰতিৰোধ কৰাৰ একমাত্র উপায় হ'ল চীনৰ সৈতে সম্পৰ্ক ছেদ কৰা। উল্লেখযোগ্য যে এফ বি আয়ে গ্ৰেপ্তাৰ কৰা চীনৰ নাগৰিক দুগৰাকীৰ পৰা ফিউছাৰিয়াম গ্রেমিনিয়াৰাম নামৰ এবিধ অতি বিষাক্ত ভেঁকুৰ জব্দ কৰিছিল। এই ভেঁকুৰবিধ খেতিপথাৰত মেলি দিলে হাজাৰ হাজাৰ বিঘাৰ খেতি নষ্ট কৰি পেলাব পাৰে। ইয়াৰ ফলত ঘেঁহু, ধান তথা মাকৈৰ গছত ফিউছাৰিয়াম হেড ব্লাষ্ট (এফ এইচ বি) বা স্কাবৰ দৰে ৰোগ হয়।
আমেৰিকাৰ আইন বিভাগৰ মতে, বিজ্ঞানীসকলে এই ভেঁকুৰবিধক খাদ্য সুৰক্ষাৰ দিশত এক ডাঙৰ ভাবুকি বুলি মত প্রকাশ কৰিছে। বিজ্ঞানীসকলে ইয়াক কৃষি সন্ত্রাসবাদ আখ্যা দিছে। চীনৰ নাগৰিক দুগৰাকীয়ে প্ৰথমে চীনত এই ভেঁকুৰক লৈ গৱেষণা কৰে আৰু পাছত গোপনে আমেৰিকালৈ আনি অবৈধভাবে গৱেষণা কৰে। চাঙৰ মতে, ই এক জৈৱিক চোৰাং সৰবৰাহৰ ঘটনা নহয়, ই মাওবাদী নীতিৰ এক ব্যাপক গণযুদ্ধৰ চক্ৰান্তৰ অংশ।