ডিজিটেল ডেস্কঃ ভাৰতৰে উত্তেজনা চলি থকাৰ মাজতেই চুবুৰীয়া বাংলাদেশত চীনে ব্যাপক পৰিসৰত বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। বাণিজ্য আৰু বিনিয়োগ বিষয়ত চীন-বাংলাদেশ সন্মিলন উদ্বোধন কৰাৰ সময়ত বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে সোমবাৰে এই কথা জনায়। দেশখনৰ অর্থনীতিত যুগান্তকাৰী পৰিৱৰ্তন অনাৰ বাবে বাংলাদেশত ব্যাপক পৰিসৰত চীনে বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে বুলি দেশখনৰ অন্তৰ্ৱৰ্তী চৰকাৰখনে সদৰী কৰিছে।
ইউনুছে কয় যে চীনৰ বিনিয়োগে বাংলাদেশলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিব। বাংলাদেশী নিউজ ৱেবছাইট 'দ্য ডেইলী ষ্টাৰে' ইউনুছৰ উদ্ধৃতি দি এই বাতৰি পৰিৱেশন কৰিছে। ইউনুছে কয় যে বিশ্বৰ ভিতৰতে প্রস্তুতকাৰী হিচাপে চীনৰ কোম্পানীসমূহে অগ্রণী স্থান লাভ কৰি আহিছে আৰু সেই বাবে বাংলাদেশত চীনৰ কোম্পানীসমূহক অংশীদাৰ কৰিব বিচাৰিছে। ঢাকাত বাংলাদেশ বিনিয়োগকাৰী উন্নয়ন কর্তৃপক্ষই (বি আই ডি এ) বাংলাদেশ অর্থনৈতিক কর্তৃপক্ষৰ সহযোগত আয়োজন কৰা দিনজোৰা অনুষ্ঠানত চীন চৰকাৰৰ প্ৰতিনিধিও উপস্থিত আছিল। চীনৰ বাণিজ্য মন্ত্ৰী বাং ওৱেণ্টাও এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে আছিল। অনুষ্ঠানত ইউনুছে কয় যে ১০ মিলিয়ন বাংলাদেশী যুৱক-যুৱতীয়ে তেওঁলোকৰ কর্মদক্ষতা প্ৰদৰ্শন কৰাৰ বাবে ফলপ্ৰসূ বিনিয়োগ বিচাৰি আছে। ইউনুছে কয় যে চীনৰ সম্ভাব্য এই বিনিয়োগে বাংলাদেশ আৰু চীনৰ ৫০ বছৰীয়া বন্ধুত্ব আৰু সুদৃঢ় কৰিব। উল্লেখযোগ্য যে এই বিনিয়োগ অনুষ্ঠানত চীনৰ ১৫০-তকৈ অধিক বিনিয়োগকাৰী আৰু বিজনেছ লীডাৰে অংশগ্ৰহণ কৰে।
লক্ষণীয় কথাটো হ'ল শেহতীয়া মাহকেইটাত ভাৰত-বাংলাদেশৰ বাণিজ্যিক সম্পৰ্কত স্থভবিৰতা আহি পৰিছে। শ্বেখ হাছিনা দেশখনৰ পৰা ক্ষমতাচ্যুত হোৱাৰ পাছৰে পৰা ভাৰত-বাংলাদেশৰ সম্পৰ্কত অৱনতি ঘটিছে। শেহতীয়াকৈ বেইজিং আৰু ইছলামাবাদৰ সৈতে মিতিৰালি বৃদ্ধি কৰি ইউনুছে নতুন দিল্লীৰ লগত ব্যৱধান অধিক বৃদ্ধি কৰিছে। তদুপৰি, ভাৰতেও বাংলাদেশৰ সৈতে কেইবাটাও বাণিজ্যিক নিষেধাজ্ঞা আৰোপ কৰিছে। ভাৰতৰে সম্পৰ্ক অধিক অৱনতি হোৱাৰ সময়ত বাংলাদেশে চীনৰ সৈতে বাণিজ্যিক মিতিৰালি বৃদ্ধি কৰা বিষয়টো এতিয়া ভাৰতৰ ভূ-ৰাজনৈতিক নিৰাপত্তাৰ দিশলৈ ভাবুকি অহাৰ আংশকা কৰা হৈছে।