যুদ্ধ-বিৰতিত মধ্যস্থতাকাৰীৰ ভূমিকা ল'ব চীনে

dainik janambhumi March 17, 2026

ডিজিটেল ডেস্ক : পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলি থকা যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে চুবুৰীয়া ৰাষ্ট্ৰ চীন। দেশখনে প্রকাশ কৰিছে যে এছিয়াৰ দুয়োখন দেশৰ মাজৰ যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা ল'বলৈ চীন সাজু আছে। চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র লিন জিয়ানে কয় যে পাকিস্তান-আফগানিস্তানৰ মাজৰ যুদ্ধ বন্ধ কৰাৰ বাবে চীনে নিজাকৈ প্রচেষ্টা অব্যাহত ৰাখিছে। 

চীনা বিদেশ মন্ত্রী বাং বিয়ে পাকিস্তানৰ উপ প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী মহম্মদ ইছাকডাৰ আৰু আফগান বিদেশ মন্ত্রী মাত্তালাওয়ি আমিৰ খান মুট্টাকিৰ সৈতে টেলিফ'নযোগে পৃথকে যুদ্ধ বন্ধ কৰা সন্দৰ্ভত কথাও পাতিছে। আফগানিস্তানত চীনৰ বিশেষ ৰাষ্ট্ৰদূতগৰাকীয়েও পাক-আফগান সম্পর্ক উন্নত কৰাৰ চেষ্টা অব্যাহত ৰখা বুলি প্রকাশ। উল্লেখযোগ্য যে প্রায় তিনি সপ্তাহজুৰি পাকিস্তান আৰু আফগানিস্তানৰ মাজত যুদ্ধ আব্যাহত আছে। এই যুদ্ধত দুয়োপক্ষই বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে। 

আফগান কর্তৃপক্ষই সোমাবাৰে অভিযোগ কৰে যে পাকিস্তানৰ বিমান আক্রমণত দেওবাৰে নিশা পূব আফগানিস্তানত তিনিটা শিশু আৰু এগৰাকী মহিলাৰ মৃত্যু হয়। বিগত এটা সপ্তাহত পাকিস্তানৰ আক্রমণত দেশখনত ১৮জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি সূত্ৰটোৱে প্রকাশ কৰে। ইফালে, পাকিস্তানত আক্ৰমণৰ সমুচিত প্ৰত্যুত্তৰ দিছে আফগানিস্তানেও। সোমবাৰে নিচেই পুৱা আফগান বাহিনীয়েও পাকিস্তানৰ সামৰিক শিবিৰক লক্ষ্য কৰি বোমা বর্ষণ কৰে। আফগানিস্তানৰে যুদ্ধৰ ফলত পাকিস্তানৰ অৰ্থনীতিত ব্যাপক নেতিবাচক প্ৰভাৱ পৰা বুলি প্রকাশ পাইছে।

Share This