টাইৱানৰ চাৰিওফালে উৰিল চীনা যুদ্ধ বিমান

dainik janambhumi April 10, 2025

ডিজিটেল ডেস্কঃ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাতানিয়ে মঙলবাৰে কয় যে জাপানৰ অকিনাৱা অঞ্চলত আৰুৰু টাইৱানৰ সমীপত আমেৰিকাই ইয়াৰ দীর্ঘ-দূৰত্ব ব্যাপী নিৰীক্ষণ কৰিব পৰা ড্ৰ'নসমূহ মোতায়েন কৰাৰ পৰিকল্পনা কৰিছে। জাপানৰ অঞ্চলত টাইৱানৰ গতি-বিধিত লক্ষ্য ৰাখিবলৈ আমেৰিকাই এই ড্র'ন মোতায়েন কৰাৰ পৰিকল্পনাক লৈ উদ্বিগ্ন হৈ পৰিছে জাপান। প্ৰতিৰক্ষা মন্ত্রীজনে কয় যে জাপানৰ অঞ্চলত আমেৰিকাৰ এই পৰিকল্পনা গুৰুতৰ হিচাপে বিবেচিত হৈছে।‌

চীনৰ যুদ্ধ বিমান টাইৱানৰ চাৰিওফালে উৰিছে: 

টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে বুধবাৰে পুৱা ৬ বজালৈকে দেশখনৰ চাৰিওফালে চীনৰ যুদ্ধ বিমান ঘূৰি থকাটো ধৰা পেলাইছে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কয় যে চীনৰ পীপলছ লিবাৰেশ্যন আৰ্মিৰ (পি এল এ) ২৫খন যুদ্ধ বিমান আৰু চীনৰ নৌ বাহিনীৰ ছখন যুদ্ধ জাহাজ টাইৱানৰ চাৰিওফালে বিচৰণ কৰা প্ৰত্যক্ষ কৰিছে দেশখনে। টাইৱানৰ দক্ষিণ, পশ্চিম আৰু পূব বায়ু প্ৰতিৰক্ষাই চীনৰ এই সামৰিক টহল প্রত্যক্ষ কৰিছে। চীনৰ এই সামৰিক টহল প্রত্যক্ষ কৰি টাইৱান অধিক সষ্টম লৈ পৰিছে বুলি দেশখনে সদৰী কৰিছে।

Share This