এপষেক ধৰি 'সন্ধানহীন' চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং

dainik janambhumi July 03, 2025

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া চীনৰ ৰাজধানী বেইজিঙত। ইয়াৰ কাৰণ হ'ল দেশখনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং এপষেকতকৈ অধিক সময় 'সন্ধানহীন' হৈ থকাটো। ৰাষ্ট্ৰপতিজনক দীর্ঘদিন ধৰি ৰাজহুৱাভাৱে দেখা পোৱা নাই আৰু তেওঁৰ কোনো বিবৃতিও পোৱা হোৱা নাই। আনকি চীনৰ চৰকাৰ নিয়ন্ত্রিত সংবাদ মাধ্যমতো জিনপিঙৰ কোনো বাতৰি দেখিবলৈ পোৱা নাই। ৰাজহুৱাভাৱে দীর্ঘ দিন ধৰি তেওঁক দেখিবলৈ নোপোৱাৰ পাছত বিশ্ব সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ পাইছে। একাংশ সংবাদ মাধ্যমে প্রকাশ কৰা মতে চীনত ক্ষমতা পৰিৱৰ্তনৰ প্ৰক্ৰিয়া চলি আছে। আন একাংশ সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি জিনপিং গুৰুতৰভাৱে অসুস্থ। উল্লেখযোগ্য যে জিনপিঙে ২০১৩ চনৰ প্ৰাৰম্ভতে চীনৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্রহণ কৰে। ইয়াৰ পাছত চুবুৰীয়া দেশক ভাবুকি দিয়া, আন দেশক শান্তিৰ আহ্বান জনোৱা আদি বিভিন্ন বিষয়ত তেওঁ মন্তব্য দি আহিছে। 

কিন্তু শেহতীয়াকৈ ইৰাক-ইজৰাইলৰ যুদ্ধকে ধৰি বিশ্বত কেইবাটাও ঘটনা ঘটি যোৱাৰ পাছতো জিনপিঙৰ তৰফৰ পৰা কোনো প্রতিক্রিয়া প্রকাশ কৰা দেখা পোৱা নাই। জুনত দুসপ্তাহতকৈ অধিক সময় ৰাজহুৱাভাৱে নেদেখাৰ পাছত বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সময়ত জিনপিঙক কিছু সময়ৰ কাৰণে সংবাদ মাধ্যমত দেখা পোৱা গৈছিল। বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ সৈতে জিনপিঙৰ বৈঠক আছিল নিচেই কম সময়ৰ। বেলাৰুছৰ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি সেই সময়ত জিনপিঙক যথেষ্ট ভাগৰুৱা, দুর্বল যেন দেখা পোৱা গৈছিল আৰু তেওঁৰ দৃষ্টিও অন্যতহে নিবদ্ধ আছিল। কেইদিনমানৰ আগতে চীনৰ সংবাদ মাধ্যমে জিনপিঙক সম্বোধন কৰাৰ প্ৰক্ৰিয়া সলনি কৰে আৰু তেওঁৰ নামৰ আগত উল্লেখ কৰা বিশেষণ বাদ দি প্রত্যক্ষভাৱে নাম উল্লেখ কৰিছিল। পাছত অৱশ্যে ইয়াক সংশোধন কৰা হয়। মে' মাহৰ শেষৰ ফালৰ পৰাই জিনপিঙক বেইজিঙত ৰাজহুৱাভাৱে দেখা পোৱা নাই। তেওঁ কোনো পেৰেডতো অংশগ্ৰহণ কৰা নাই বা ভাষণো দিয়া নাই আৰু চৰকাৰী সংবাদ মাধ্যমকো কোনো কথা তেওঁ জনোৱা নাই। 

চি এন এনে উচ্চ পদস্থ চোৰাংচোৱা বিষয়াৰ উদ্ধৃতি দি কয় যে জিনপিঙৰ অনুপস্থিতিত অস্বাভাৱিকতা একো নাই। দেশখন শীর্ষ স্থানীয় নেতাসকলক একাষৰীয়া কৰাৰ ইতিহাস আছে। নথি-পত্ৰত তেওঁৰ নাম থাকিলেও চৰকাৰৰ ক্ষমতা গোপনে আনৰ হাতলৈ গুচি যায় আৰু চৰকাৰে পৰিচালিত কৰে। বিভিন্ন সংবাদ মাধ্যমে কৰা অনুমান মতে, জিনপিং দেশখনৰ ৰাষ্ট্ৰপতি হৈ থাকিলেও তেওঁৰ এতিয়া সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই। দেশখনৰ কেন্দ্ৰীয় সামৰিক আয়োগৰ অধ্যক্ষ জেনেৰেল ঝাং ইউক্সিয়াই আঁৰৰ পৰা দেশখন শাসন কৰি থকা বুলিও প্রকাশ পাইছে। তেওঁ জিনপিঙতকৈ অলপ উদাৰ। আনহাতে বেং য়াঙকো জিনপিঙৰ স্থানত দেশখনৰ ৰাষ্ট্ৰপতি নিযুক্ত কৰা হ'ব পাৰে বুলি প্রকাশ পাইছে। য়াঙক অলপতে চীনৰ কমিউনিষ্ট পাৰ্টিৰ মুৰব্বী নিযুক্ত কৰা হয়। য়াং এজন তৰুণ নেতা। তেওঁ চীনত সংস্কাৰৰ প্ৰয়োজন বুলি কয় আৰু বজাৰ অনুসৰি দেশক আগবঢ়াই নিব লাগে বুলিও মত প্রকাশ কৰিছে। য়াং শান্ত প্রকৃতিৰ নেতা। উল্লেখযোগ্য যে ২০১২ চনত কমিউনিষ্ট পাৰ্টিৰ সমাৰোহত অংশগ্ৰহণ কৰাৰ সময়ত তেতিয়াৰ ৰাষ্ট্ৰপতি হু জিন্টাওক হঠাতে সমাৰোহস্থলীৰ পৰা আঁতৰাই নিয়া হৈছিল। আন এটা বাতৰি মতে, জিনপিঙৰ অনুপস্থিতিয়ে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে। এই সময়ছোৱাত জিনপিঙে ভৰসা কৰা বিষয়াকো পদবীৰ পৰা বৰ্খাস্ত কৰা হৈছে। জিনপিঙে নিযুক্তি দিয়া ক্রীড়া, আইন মন্ত্র্যালয়, সেনা বাহিনী তথা মিডিয়া আৰু প্ৰচাৰ বিভাগত তেওঁৰ ঘনিষ্ঠ বিষয়াসকলক বর্খাস্ত কৰা হৈছে অথবা গ্ৰেপ্তাৰ কৰা হৈছে। জিনপিঙে নিযুক্তি দিয়া শ শ বিষয়া-কর্মচাৰীক হয় গ্ৰেপ্তাৰ কৰা হৈছে অথবা তেওঁলোকৰ কোনো সন্ধান নাই। যোৱা ৩০ জুনত চীনৰ কমিউনিষ্ট পার্টিৰ এখন গোপন বৈঠক অনুষ্ঠিত হয়।

প্রায় তিনিশ পদাধিকাৰীয়ে অংশগ্রহণ কৰা এই বৈঠকত দলীয় সাংগঠনিক গাঁথনি পুনৰ গঠন কৰা আৰু কমিটীসমূহক অধিক জবাবদিহি কৰাৰ বিষয়ে আলোচনা কৰা হয়। অৱশ্যে কালি এখন অর্থনৈতিক শীর্ষ সন্মিলনত জিনপিঙে পৌৰোহিত্য কৰি ভাষণ দিয়ে। কিন্তু তেওঁৰ এই ভাষণ পূৰ্বতে ৰেকৰ্ড কৰা বুলিহে সংবাদ মাধ্যমত প্রকাশ পাইছে। জিনপিঙে ব্রাজিলত আয়োজন কৰা ব্রিক্‌ শীর্ষ সন্মিলনত অংশগ্রহণ নকৰে। এনেবোৰ কাৰণতে দেশখনত মুৰববী শাসকৰ সালসলনি ঘটিব পাৰে বুলি ধাৰণা কৰা হৈছে। অৱশ্যে একাংশ সংবাদ মাধ্যমে জিনপিং গুৰুতৰৰূপে অসুস্থ বুলি প্রকাশ কৰিছে। এই বাতৰিটোত উল্লেখ কৰা মতে, মে' মাহত জিনপিঙৰ তিনিবাৰ হাৰ্ট এটেক হয় আৰু এতিয়া কোমেনা সামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Share This