মীন নিগমৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত চমন জাৰি, বিধায়ক ৰমাকান্ত দেউৰীৰ ঘৰত চি আই ডি, মৰিগাঁৱত চাঞ্চল্য

dainik janambhumi June 09, 2026

ডিজিটেল ডেস্ক : মীন বিভাগৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত অব্যাহত থকাৰ মাজতে দেওবাৰে সন্ধিয়া বিধায়ক ৰমাকান্ত দেউৰীৰ মৰিগাঁৱৰ বাসভৱনত চি আই ডিৰ দল প্ৰৱেশ কৰাৰ এক ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে কালি চি আই ডিয়ে এক বিবৃতিযোগে দেওবাৰে সন্ধিয়া চি আই ডিয়ে মৰিগাঁৱৰ বিধায়ক দেউৰীৰ ঘৰত অভিযান চলাবলৈ যোৱা নাছিল বুলি কালি স্পষ্ট কৰে। 

বিবৃতিটোত আৰক্ষীৰ দল বিধায়কজনক বিচাৰিহে গৈছিল আৰু তেওঁক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশনা দিবৰ বাবেহে গৈছিল বুলি স্পষ্ট কৰে। উল্লেখযোগ্য যে, দেওবাৰে সন্ধিয়া চি আই ডিৰ এটা দল প্রথমে বিধায়ক ৰমাকান্ত দেউৰীৰ মৰিগাঁৱৰ বাসগৃহলৈ যায়। তেওঁক তাত নাপাই পিছত চাৰিপুনীয়া চাবুকধৰাত থকা আনটো বাসগৃহলৈ যায়। দলটোৱে বিধায়কজনক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ জাননী জাৰি কৰে। তেওঁক মীন বিভাগত অবৈধভাৱে হোৱা নিযুক্তি কেলেংকাৰি সন্দৰ্ভত সোধা-পোছা কৰিবৰ বাবে চি আই ডিৰ কাৰ্যালয়লৈ তলব কৰা বুলিও জাননীখনত উল্লেখ কৰা হয়। 

লক্ষণীয় যে, ২০১৯-২২ চনৰ ভিতৰত অসম মীন উন্নয়ন নিগমত ব্যাপক বিত্তীয় আৰু চাকৰি কেলেংকাৰি সংঘটিত হৈছিল। সেই সময়ত নিগমৰ অধ্যক্ষ হিচাপে দায়িত্বত আছিল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। প্রণিধানযোগ্য যে এই কেলেংকাৰি সন্দৰ্ভত সম্প্ৰতি অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখা আৰু চি আই ডি উভয়ে সমান্তৰালভাৱে তদন্ত চলাই আছে। এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত এইপর্যন্ত মুঠ ৯ জন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ ভিতৰত সেই সময়ত নিগমৰ পৰিচালন সঞ্চালকৰ দায়িত্বত থকা দুই এ চি এছ বিষয়া অনুৰাধা অধিকাৰী শৰ্মা আৰু নৰেন চন্দ্ৰ বসুমতাৰীও আছে। তেওঁলোকৰ উপৰি প্ৰাক্তন প্রকল্প সঞ্চালক পদ্মকান্ত হাজৰিকা, প্রাক্তন কার্যবাহী অভিযন্তা জ্যোতিষ শইকীয়া, প্রাক্তন কার্যবাহী অভিযন্তা বিৰিঞ্চি অধিকাৰী, প্রাক্তন সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতি প্রসাদ শইকীয়া, প্রাক্তন সহকাৰী অভিযন্তা চবুৰুদ্দিন আহমেদ, প্রাক্তন প্রকল্প প্রবন্ধক ভগীৰৰ্থ দাস, প্রাক্তন সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকাকো মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছে। ইফালে নিগমৰ নিযুক্তি কেলেংকাৰিৰ বাবে চি আই ডিয়েও দুই এ চি এছ বিষয়া অনুৰাধা অধিকাৰী শৰ্মা আৰু নৰেন চন্দ্ৰ বসুমতাৰীক পৃথকে গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে। 

প্রণিধানযোগ্য যে এক সংবাদমেলত অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদে ২০১৯-২০২০ বৰ্ষত নিগমৰ অধ্যক্ষৰ দায়িত্বত থকা বিধায়ক ৰমাকান্ত দেউৰীক তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছিল। পৰিষদে অভিযোগ কৰিছিল যে 'মীন উন্নয়ন নিগমৰ সমগ্র কেলেংকাৰিৰ সৈতে বিধায়ক ৰমাকান্ত দেউৰী প্ৰত্যক্ষভাবে জড়িত আছিল। ৰমাকান্ত দেউৰীৰ অধ্যক্ষতাতেই নীতি-বহির্ভূতভাৱে নিযুক্তি প্ৰদান কৰা হৈছিল। ৰমাকান্ত দেউৰীৰ দুই কন্যাকো নীতি বহির্ভূতভাৱে নিযুক্তি প্রদান কৰিছিল। ৰমাকান্ত দেউৰীয়ে ৫৫ গৰাকী প্রার্থীক বিজ্ঞাপন, সাক্ষাৎকাৰ বা পৰীক্ষা অবিহনে নীতি বহির্ভূতভাৱে নিযুক্তি প্ৰদান কৰিছিল বুলিও অভিযোগ কৰি আহিছে।

Share This