ডিজিটেল ডেস্ক: হাওৰা ষ্টেচনত সংঘটিত হ’ল ভয়ংকৰ কাণ্ড৷ বজালীৰ চি আইএছএফ জোৱান পৰিল ডকাইতৰ কবলত৷ যাত্ৰীবাহী ৰে’লত যাতায়াত কিমান সুৰক্ষিত, এই প্ৰশ্ন পুনৰ উত্থাপন হৈছে হাওৰা ষ্টেচনত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই।
হাওৰা ষ্টেচনত বজালী জিলাৰ সাদেৰীৰ অৰূপ কলিতা নামৰ এজন চিআইএছএফ (CISF) জোৱান ডকাইতৰ কবলত পৰাৰ অভিযোগ উত্থাপিত হৈছে।
ভুক্তভোগীজন বজালীৰ সাদেৰী অঞ্চলৰ অৰূপ কলিতা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ষ্টেচনৰ সমীপতে অচিনাকি ডকাইতে জোৱানজনক আক্ৰমণ কৰি ভয়-ভাবুকি প্ৰদৰ্শন কৰে।
মৃত্যুৰ ভয় দেখুৱাই তেওঁক ঘৰৰ পৰা ধন সংগ্ৰহ কৰিবলৈ বাধ্য কৰোৱা হয়। পৰৱৰ্তী সময়ত বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ পৰা অনলাইন মাধ্যমৰে প্ৰায় ডেৰলাখ টকা সংগ্ৰহ কৰি ডকাইতক দিবলৈ বাধ্য কৰোৱা হয় বুলি অভিযোগ।
ডকাইতে ভুক্তভোগীৰ মোবাইল ফোন আৰু পাছৱৰ্ড নিজৰ দখললৈ লৈ সম্পূৰ্ণ ধনৰাশি অনলাইন যোগে স্থানান্তৰ কৰে।
তাৰপিছত জোৱানজনক অচেতন অৱস্থাত ষ্টেচন চৌহদত এৰি থৈ পলায়ন কৰে। পিছত পৰিয়ালৰ লোক আৰু স্থানীয় RPF জোৱানৰ সহযোগত অর্ধ-অচেতন অৱস্থাত তেওঁক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হয়।
ঘটনাটোৱে ৰে’ল যাত্ৰীৰ সুৰক্ষাক লৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। ভুক্তভোগীয়ে পাঠশালা ষ্টেচনত এজাহাৰ দাখিল কৰিছে৷
আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি আৰু অনলাইন লেনদেনৰ তথ্যৰ ভিত্তিত অভিযুক্তক সোনকালেই কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে৷
উৎস: প্ৰাগ নিউজ ডিজিটেল