ডিজিটেল ডেস্ক : দেশৰ নাগৰিকে ভাষা, জাতি-সম্প্ৰদায়ৰ ক্ষেত্ৰত ভিন্নতা থকা সত্ত্বেও সামাজিক সমন্বয় ৰক্ষা কৰি চলিব লাগে। জনসাধাৰণলৈ এই আহ্বান জনাইছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে।
ভাগৱতৰ মতে, দেশৰ জনসাধাৰণে তেওঁলোকৰ ঘৰত মাতৃভাষাত কথা ক'ব লাগে আৰু সকলো ভাষাকে সমমর্যাদা দিব লাগে। বিশেষকৈ দক্ষিণ ভাতৰত আঞ্চলিক দলবোৰে হিন্দী ভাষাই আঞ্চলিক ভাষাৰ অস্তিত্ব নাইকিয়া কৰিছে বুলি অভিযোগ উত্থাপন কৰাৰ সময়তে আৰ এছ এছৰ মুৰব্বী ভাগৱতৰ এই মন্তব্য লক্ষণীয় হৈ পৰিছে। আনহাতে, ডেৰাডুনত বৰ্ণদ্বেষৰ বাবে ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাক কৰা হত্যাৰ বিতৰ্কৰ মাজতে ভাগৱতৰ এই সামাজিক সমন্বয়ৰ বাৰ্তাও গুৰুত্বপূৰ্ণ হৈ পৰিছে।
ভাগৱতে কয় যে দেশৰ জনতাই তেওঁলোকৰ ঘৰত মাতৃভাষাত কথা পতাটো উচিত। যদি কোনো ব্যক্তিয়ে বেলেগ এখন ৰাজ্য বা অঞ্চলত বাস কৰে, তেনেহ'লে সেই ৰাজ্যৰ বা অঞ্চলৰ ভাষা শিকি লোৱাটো আৱশ্যক। উল্লেখযোগ্য যে ছট্টিশগড়ৰ ৰায়পুৰ জিলাৰ সোণপৰী গাঁৱত বুধবাৰে আয়োজিত 'হিন্দু সম্মিলন'ত ভাগৱতে এই মন্তব্য কৰে।