আজি পাঁচখন ৰাজ্যত নাগৰিক সুৰক্ষা মকড্রিল

dainik janambhumi May 31, 2025

ডিজিটেল ডেস্ক : অপাৰেশ্যন সেন্দুৰ' আৰম্ভ কৰাৰ কেইবাঘণ্টামান পূর্বে যোৱা ৭ মে'ত প্রথম নাগৰিক সুৰক্ষা মকড্রিল কৰা হৈছিল। ইয়াৰ পাছত শনিবাৰে (৩১ মে') দ্বিতীয় পৰ্যায়ৰ নাগৰিক সুৰক্ষা মকড্রিল 'অপাৰেশ্যন শ্বীল্ড' নামেৰে নিৰাপত্তা সংস্থাসমূহে দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত কৰিব। 

বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এটা প্ৰেছ বিবৃতিত কোৱা হৈছে যে দেশৰ পাঁচখন ৰাজ্যত পাকিস্তানৰ সীমান্তবর্তী বিভিন্ন জিলাত ৩১ মে'ৰ বিয়লি ৫ বজাত এই মকড্ৰিল আৰম্ভ কৰা হ'ব। পঞ্জাব, জম্মু-কাশ্মীৰ, গুজৰাট, হাৰিয়ানা আৰু ৰাজস্থানত বিশেষকৈ নিয়ন্ত্রণ ৰেখাৰ (এল অ' চি) সমীপৰ স্পৰ্শকাতৰ অঞ্চলসমূহত জনসাধাৰণক যুদ্ধৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ বিষয়ে প্রস্তুতিৰ বাবে এই অনুশীলন চলোৱা হ'ব। 

পূৰ্বৰ প্ৰস্তুতিৰ ক্ষেত্রত কিছু সুৰুঙা থাকি যোৱাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা আনিবলৈ দ্বিতীয় পৰ্যায়ৰ 'অপাৰেশ্যন শ্বীল্ড' শীর্ষক এই নাগৰিক সুৰক্ষা অনুশীলন চলোৱা হ'ব।

Share This